কোনো দেশত যি শিক্ষা প্ৰণালী প্ৰবৰ্তিত হৈছে, বা যি শিক্ষা প্ৰণালীয়ে
১০০ বছৰৰ আগেয়ে কোনো এক উন্নত সমাজত ভাল ফল দিছিল, সেই
প্ৰণালীকে অবনত সমাজতো চলাব খোজে। তেওঁলোকে একেটা থাচতে
উন্নত আৰু অবনত এই দুই সমাজৰ মানুহক গঢ়িব খোজে। প্ৰত্যেক জাতি
মানুহৰ যে, স্বভাব, বুদ্ধিবৃত্তি, প্ৰবৃত্তি আৰু ধাৰণা বেলেগ এই কথা
তেওঁলোকে পাহৰি পেলায়। সেই কাৰণেই অনেক কৰ্ম্মবীৰ সকলে শিক্ষা
বিস্তাৰৰ যথেষ্ট পৰিশ্ৰম কৰিও সকলো সময়তে সুফল লাভ কৰিব
নোৱাৰে। কিন্তু হেম্পটন স্কুলৰ কৰ্ত্তাসকল এনে প্ৰকৃতিৰ মানুহ
নাছিল। তেওঁলোকে ছাত্ৰৰ বৈচিত্ৰ আৰু বিভিন্নতা বিষয়ে সকলো
কামতে চকু ৰাখিছিল।
মোৰ বক্তৃতা শুনি সকলো আনন্দিত হ'ল। মই ঘৰলৈ উলটি আহি আকৌ নিজৰ কামত ধৰিলোঁ। ঘৰলৈ আহি সেনাপতিৰ পৰা আকৌ এখন চিঠি পালোঁ। তেওঁ মোক হেম্পটনত এটা শিক্ষকৰ কাম দিয়ে।
ইতিমধ্যতে মই মোৰ ভাই দুজন আৰু আমাৰ গাৱঁৰে চাৰিজনমাन ল'ৰাক ভালৰূপে লিখাপঢ়া শিকাই হেম্পটনত পঢ়িবলৈ পঠাইছিলো। তেওঁলোক অতি সহজেই হেম্পটনত স্কুলৰ ওপৰ শ্ৰেণীত ভৰ্তি হৈছিল। সেই ল'ৰা কেইজনৰ স্বভাব-চৰিত্ৰ আৰু বিদ্যাবুদ্ধি দেখি সেনাপতি মোৰ ওপৰত বৰ সন্তুষ্ট হৈছিল; আৰু সেই কাৰণেই তেওঁ মোক তেওঁৰ স্কুলত শিক্ষকতা কৰিবলৈ মাতিছিল। মই যি কেইজন ল'ৰা হেম্পটনলৈ পঠাইছিলোঁ, তাৰে ভিতৰত এজন আজিকালি বোষ্টন নগৰৰ বিখ্যাত ডাক্তৰ। তেওঁ সেই স্কুলৰ শিক্ষাপৰিষদৰ এজন নামজলা সভ্য। তেওঁৰ নাম ডাক্তৰ চেমুৱেল কাৰ্টণি।
সেই সময়ত আৰ্মষ্ট্ৰঙ্গ, মহাশয়ে আমেৰিকাৰ ৰঙা ইণ্ডিয়ান জাতিৰ ল'ৰাবিলাকক শিক্ষাদীক্ষা দিবলৈ বৰ চেষ্টা কৰিছিল। সেই ৰঙা ইণ্ডিয়ান