ষষ্ঠ অধ্যায়।
আমেৰিকাৰ ক'লা আৰু ৰঙা জাতি।
মই ৱাচিংটনত পঢ়ি থাকোতেই, ৱেষ্ট ভাৰ্জিনিয়া প্ৰদেশৰ পুৰণি ৰাজধানী হুইলিং, এবি, এখন নতুন ৰাজধানী পাতিবৰ নিমিত্তে এটা বৰ ডাঙৰ আন্দোলন চলিছিল। ব্যৱস্থাপক-সভাই তিনিখন নগৰৰ নাম কৰি তাৰে এখন বাচি লবলৈ মানুহবিলাকক আদেশ কৰিছিল। তাৰ ভিতৰত আমাৰ ঘৰৰ ওচৰৰ চাৰ্লষ্টন নগৰ খনৰ নামো পৰিছিল। সেই নগৰৰ মানুহবিলাকেও চাৰ্লষ্টনকে ৰাজধানী পাতিবৰ নিমিত্তে আন্দোলন চলাইছিল।
মই ৱাচিংটনৰ পৰা ছুটিত ঘৰলৈ গ'লো। ঘৰত এখন চিঠি পালোঁ। চাৰ্লষ্টন নগৰৰ চাহাব সকলে মোলৈ লিখি পঠাইছে—মই তেওঁলোকক সেই নগৰৰ নিমিত্তে ভোট গোটাই দিব লাগে। মই তেওঁলোকৰ হৈ তিনি মাহ গাঁৱে ভূঁঞে বক্তৃতা দি ফুৰিলোঁ। শেহত আমাৰে জয় হ'ল। চাৰ্লষ্টন নগৰ ৱেষ্ট ভাৰ্জিনিয়াৰ ৰাজধানী হ'ল।
এই আন্দোলনত যোগদান দিয়াত মোৰ নাম চাৰিওপিনে ৰৈ-বৈ গ'ল। অনেক মানুহেই মোক ৰাজনৈতিক আন্দোলনত যোগদান দিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। মই কিন্তু কাৰো অনুৰোধ ৰক্ষা নকৰিলোঁ।
মই জানো, মই ৰাজনৈতিক আন্দোলনত যোগদান দিয়া হ'লে, মই এজন ডাঙৰ মানুহ হব পাৰিলোহেঁতেন; মোৰ ভবিষ্যত তেনেই