সম্ভাবনা। কিয়নো আমাৰ মানুহে ডাঙৰ কাম পাম বুলি আশা পালি
কৃষিশিল্প প্ৰভৃতি ঘৰৰ কামবোৰ একেবাৰেই এৰি দিলে। সেইহে কওঁ এই
ব্যৱস্থা বেচি দিন স্থায়ী নহয়।
ৰাজনৈতিক আন্দোলন বা মজাৰ আন্দোলন। অতি সামান্য বিদ্যা লৈয়েই নিগ্ৰ’বিলাকে এই আন্দোলনৰ নেতা হ'বলৈ ধৰিলে। কিমান নিগ্ৰ' যে, এইদৰেই প্ৰাদেশিক মন্ত্ৰণাসভাৰ সভ্য হৈছিল, তাৰ লেখাজোখ নোহোৱা হ'ল। ময়ো এবাৰ এই সুযোগত পৰিব খুজিছিলোঁ। ভাগ্যে ঈশ্বৰে ৰক্ষা কৰিলে!
সি যি হওক, লাহে লাহে অনেক নিগ্ৰ’ৱেই ৰাজনৈতিক আন্দোলনত যোগদান দিলে। কোনোৱে কোনোৱে অৱশ্যে অতি সুখ্যাতিৰে দায়িত্বপূৰ্ণ কামো চলাবলৈ ধৰিলে। কেইবাজন প্ৰদেশৰ গৱৰ্ণৰ পৰ্যন্তও হৈছিল। তেওঁলোকে অতি সুখ্যাতিৰে কাম কৰি নাম ৰাখি থৈ গৈছে। তথাপিও বেচি ভাগ কৰ্ম্মচাৰীৰ মাজত অনেক ত্ৰুটী, অনেক অসম্পূৰ্ণতা দেখা গৈছিল। আজিকালি সেইবোৰ দোষ আৰু ধৰা নপৰে। এতিয়া আমালোকে নিতান্ত মূৰ্খৰ দৰে কাম নকৰোঁ। যোৱা ৩০ বছৰৰ শিক্ষা আৰু অভ্যাসৰ ফলত নিগ্ৰ বিলাকে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে।
মোৰ মনেৰে এতিয়া প্ৰত্যেক প্ৰাদেশিক ৰাষ্ট্ৰই যথাৰ্থ ন্যায় সঙ্গত আইন প্ৰস্তুত কৰক। সেই আইন অনুসাৰে তেওঁলোকে ক'লা আৰু বগাৰ প্ৰভেদ তুলি দিয়ক; জাতিধৰ্ম নিৰ্ব্বিশেষে সক- লোকে সকলো কামৰ অধিকাৰ দিয়ক। তাকে কৰিলে, সকলোৰে মঙ্গল - আমাৰ মঙ্গল, আৰু সমস্ত আমেৰিকাবাসীৰো মঙ্গল। যুক্ত ৰাজ্যই যদি এনেবোৰ কাম কৰিবলৈ অৱহেলা কৰে, গোটেই ৰাজ্যত অচিৰেই কুলক্ষণে দেখা দিব। ৩০ বছৰৰ আগেয়ে দাসত্ব