গোলামপটীৰ ঘৰবোৰ কাঠৰ — দীঘে দহু হাত, পথালিয়ে ৯ হাত। এনে এটা কুঠৰীতে মই, মোৰ আই, এটা ভাই আৰু এজনী ভনীয়ে আমাৰ দাসত্বজীৱন কটাইছিলোঁহঁক। যুক্তৰাজ্যৰ গৃহকন্দলৰ পিচত যেতিয়া নিগ্ৰো-স্বাধীনতা ঘোষণা কৰা হয়, তেতিয়াৰ পৰাহে এই গোলামপটী এৰিছোঁ।
মই মোৰ উপৰি পুৰুষৰ কথা একো নাজানো বুলিব লাগে আমাৰ গোলামপটীৰ মানুহে যি কোৱা-মেলা কৰে তাৰে (অপঠনীয়) শুনিছোঁ। আমি হেনো অতীজৰ আফ্ৰিকাৰ মানুহ। আফ্ৰিকাৰ পৰা আমেৰিকালৈ চালান দিওঁতে বাটত জাহাজত আমাৰ উপৰি পুৰুষ সকলক গৰাকীসকলে বৰ কষ্ট দিছিল। আমাৰ জাতীয় বুৰঞ্জী-বিষয়ে কেৱল ইমানকেহে জনা যায়।
মই মোৰ বোপাইৰ বিষয়েও একো নেজানো। বোধ কৰোঁ তেওঁ এজন য়ুৰোপীয়- বগা চামৰাৰ মানুহ — ওচৰৰে কোনো খেতৰ মেনেজাৰ কি এচিষ্ট্যাণ্ট মেনেজাৰ আছিল। মই তেওঁক দেখা নাই, আন কি তেওঁৰ নামকে শুনা নাই। তেৱোঁ মোক মানুহ কৰিবৰ নিমিত্তে অকণো যত্ন কৰা নাই। এনে ধৰণৰ পিতা বা জন্মদাতা সেই গোলামী যুগত আমেৰিকাৰ য়ুৰোপীয় সমাজত বহুত আছিল। তেওঁ আইক এৰি দিয়াত, বোধ কৰোঁ, আন এখনে কিনি আনিলে। তেতিয়াৰ পৰা তেওঁ আমাৰ অভিভাৱক।
আমি থকা ঘৰটোত গোলামপটীৰ মানুহ বিলাকৰ ভাত-ৰন্ধা ঘৰ আছিল। আয়েই সকলো মানুহলৈ ভাত ৰান্ধিছিল। আমাৰ ঘৰটো অতি লেতেৰা আৰু অস্বাস্থ্যকৰ আছিল— ভিতৰলৈ পোহৰ আৰু বতাহ নোসোমায়। বেৰৰ জলঙাইদি জাৰকালি চেঁচা বতাহ কিন্তু ভালকৈয়ে সোমাইছিল। ইয়াৰ বাহিৰেও সেই ঘৰত মেকুৰী - অহা-যোৱা কৰিবলৈ