সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
পঞ্চম অধ্যায়।


পৃথিবীৰ আকাৰ সম্বন্ধে আপুনি ল'ৰাহঁতক কি শিকাব কওকচোন?” তেওঁ তেতিয়াই উত্তৰ দিলে, “পৃথিবী ঘূৰণীয়া নে চেপেটা, সেই বিষয় লৈ মূৰ ঘমোৱাৰ একো আৱশ্যক নাই। সেই বিষয়ে স্কুলৰ কৰ্ত্তাৰ যি মত, ময়ো সেই মতকে ল'ৰাহঁতক শিক্ষা দিম।” সেই সময়ত শিক্ষক সকলৰ অৱস্থা এনেকুৱাই আছিল।

 ধৰ্ম্মপ্ৰচাৰক সকলৰ অৱস্থা আৰু বেয়া আছিল। অতি মূৰ্খ আৰু চৰিত্ৰহীন মানুহে ধৰ্ম্মপ্ৰচাৰকৰ দল বঢ়াইছিল। যোগ্যতা থাওক, নেথাওক, সকলোৱেই ভাবিছিল “মই এজন ভগবানৰ আদিষ্ট পুৰুষ।” চাওঁতে চাওঁতে অনেক নিগ্ৰীৱেই এনে ধৰণৰ ভগবানৰ আদেশ পাবলৈ ধৰিলে।

 লাহে লাহে স্কুলৰ ল'ৰা কমিবলৈ ধৰিলে। এদিন গৈ তাৰ কাৰণ সোধাত জানিব পাৰিলো যে, সিহঁতেও 'আদেশ' পাই ধৰ্ম্ম গুৰুৰ কামত নিযুক্ত হৈছে!

 এদিন গিৰ্জ্জাঘৰত বহি উপাসনা কৰিছোঁ, এনেতে হঠাৎ মাতবোল নোহোৱাকৈ এজন মানুহ ধাচ কৰে মাটিত পৰি গ'ল। বহুত পৰ তেওঁ সেইদৰেই ৰ'ল। তেতিয়াই প্ৰচাৰ হৈ পৰিল যে তেওঁ আদেশ পাইছে! তাৰ পিচতেই তেওঁ এজন ধৰ্মগুৰু হ'ল! এনে ধৰণৰ গুৰু প্ৰতি গাৱঁতে আছিল। আৰু এইদৰে প্ৰতি সপ্তাহত দুই চাৰিজনে আদেশ পাইছিল।

 সেই বয়সত ভগবানৰ আদেশ পাওঁ বুলি মোৰো বৰ ভয় হৈছিল। ঈশ্বৰৰ ইচ্ছা, তেনে আদেশ আৰু নেপোলো। এটা ধৰ্ম্মমন্দিৰৰ কথা এতিয়াও মনত আছে। সেই মন্দিৰৰ উপাসনাকাৰী আছিল ২০০০ জন, অথচ প্ৰচাৰকৰ সংখ্যা আছিল ১৮ জন।

 এতিয়া আৰু সেই আদেশত পৰা ধৰ্ম্মপ্ৰচাৰকৰ দিন নাই। ধৰ্ম্ম