এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিগ্ৰো কৰ্ম্মবীৰ
বুকাৰ ৱাচিংটন।
প্ৰথম অধ্যায়।
গোলামপটীৰ অৱস্থা।
মই এটা কিনা গোলাম — জাতত নিগ্ৰো। ভাৰ্জিনিয়া প্ৰদেশৰ ফ্ৰেঙ্কলিন জিলাৰ কোনো এখন খেতত মোৰ জন্ম হয়। কেতিয়া আৰু কোন ঠাইত মই জন্মিছিলোঁ, মই ঠাৱৰকৈ কব নোৱাৰোঁ। শুনিছোঁ, কোনো এটা ডাকঘৰৰ ওচৰতে মোৰ জন্ম। সেই বছৰটো শোধ কৰোঁ ১৮৫৮ কি ১৮৫৯ চন। নিচেই লৰা কালৰ কথা-বাতৰাৰ ভিতৰত কেৱল, গোলামপটীৰ সৰু সৰু ঘৰ আৰু খেতৰ কামবোৰৰ কথাই মনত পৰে। সেই সৰু সৰু ঘৰবোৰতে মোৰ জাতিভাইসকলে তেওঁলোকৰ দাসত্ব জীৱন কটাইছিল।
অতি ঘিণলগা অৱস্থা, দুখ আৰু নিৰাশাৰ মাজতে মোৰ জীৱন আৰম্ভ হৈছিল। মোৰ এনে দুৰাৱস্থাৰ কাৰণে মোৰ গৰাকীসকলৰ গাত অকণো দোষ নাছিল। কিয়নো আন আন গৰাকীসকলৰ তুলনাত মোৰ গৰাকীসকল মৰমিয়াল হে আছিল। তথাপিও আন কিনা দাসৰ যি দশা, মোৰো সেই দশাই আছিল।