সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
বুকাৰ ৱাচিংটন ।


কৰিছিল। তেওৰ আদেশ সকলোৱে নতশিৰে পালন কৰিছিল। তেওঁৰ কাম কৰিবলৈ পালে আমি নিজকে নিজে কৃতাৰ্থ মানিছিলোঁ। টাস্কেগীত থাকোঁতে তেও পক্ষাঘাত বেমাৰত লৰচৰ কৰিব নোৱৰা হৈছিল। তেওঁ বহা চকিখন এবাৰ এটা পাহাড়ৰ ওপৰলৈ তোলা হৈছিল। তেওঁৰ এজন পুৰণি ছাত্ৰই সেই চকিথন টানি নিছিল। বাটটো বেয়া আছিল। শেষত যেতিয়া চকিখন পাহাৰৰ ওপৰত তোলা হ'ল, তেও আনন্দ মনেৰে ক'বলৈ ধৰিলে, “আজি মোৰ পৰম সৌভাগ্য যে, সেনাপতিৰ নিমিত্তে মৃত্যুৰ আগতে এটা কাম কৰি সুবিধা পালোঁ।”

 মই হেম্পটন স্কুলত থাকোঁতে প্ৰায়েই নতুন ল'ৰা সেই স্কুলত ভৰ্ত্তি হ'বলৈ গৈছিল। লাহে লাহে ব’ডিঙত ল'ৰা নধৰা হৈ পৰিল। বাহিৰত ল'ৰাৰ নিমিত্তে তম্বু ত’ৰিব লগাত পৰিল। এদিন সেনাপতিয়ে পুৰণি ল'ৰাবিলাকক আহি সুধিলে, "তোমালোকৰ কোনোবাই তাম্বুত শুই নতুন ল'ৰাবিলাকক ঘৰ এৰি দিবা নে?” এই কথা শুনা মাত্ৰকেই প্ৰত্যেক ল'ৰাই নিজ কোঠা এৰি দি সেই জাৰকালি-ৰাতি তাত শুইছিলগৈ।

 সেই ল'ৰাৰ ভিতৰত ময়ো এজন আছিলোঁ। মোৰ এতিয়াও মনত আছে, কেইবা বাৰো সেই দৰে জাৰত কঁপি কঁপি সেই তম্বুৰ তলত ৰাতি কটাইছিলোঁ। আমাৰ যথেষ্ট কষ্টও হৈছিল, তথাপিও সেনাপতিৰ আদেশ মানি চলিবলৈ ভাল পাইছিলোঁ। এইদৰেই একে সময়তে আমি দুটা কাম কৰিছিলোঁ— সেনাপত্তিৰ আদেশ মানিছিলো আৰু আন পিনে নতুন লৰাবিলাকক শিক্ষা লাভৰ সুবিধা দিছিলোঁ। কেতিয়াবা কেতিয়াবা জাৰকালি বতাহত তম্বুটোও উৰি গৈছিল। আমি মুকলি ঠাইতে ৰাতি কটাইছিলো। পিচদিনা পুৱাই সেনাপতিয়ে