সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
তৃতীয় অধ্যায় ।


সেই স্কুলৰ প্ৰাণদাতা, সেই স্কুলৰ পিতাস্বৰূপ পৰিচালক মহোদয় অঞ্চলেই এনেবোৰ সঁজুলিতকৈ বেচি মূল্যবান । তেওঁৰ ওচৰলৈ নিগ্ৰ’ল'ৰাবিলাক দিনটোত এবাৰ আহিব পাৰিলেই, তেওঁলোকৰ উচ্চশিক্ষাৰ সুফল কৰিব । ময়ো কওঁ, প্রকৃত চৰিত্রবান, সমাজসেৱক, শিক্ষা প্ৰচাৰকৰ লগত সহবাস কৰিলে, যিমানখিনি চৰিত্ৰ গঠন হয়, মনৰ তেজ বাঢ়ে, চিত্তৰ শক্তি বিকশিত হয়, কাম কৰিবৰ মন যায়, আন কোনো উপায়েৰেই তিমান খিনি নহয় । সেইহে কওঁ কিতাপ পঢ়াতকৈ ‘মানুহ' পঢ়া ভাল ।

 তেওঁ মৰাৰ আগতে দুমাহমান সময় মোৰ টাঙ্গেগী বিদ্যালয়ত কটাইছিল। তেতিয়া তেওঁ পক্ষাঘাত বেমাৰত ভূগিছিল । গোটেই শৰীৰ শিথিল হৈ গৈছিল । তথাপিও জীৱনৰ শেষ মুহূৰ্ত্ত পৰ্যন্ত তেওঁ শিক্ষাপ্ৰচাৰ ব্ৰতত লাগি আছিল! কামত এনেকৈ মন পুতি লাগি থাকিব পৰা মানুহ সংসাৰত বিৰল। কিন্তু আর্মস্ট্রঙ্গে কামত নিজকে ডুবাই ৰাখিছিল। পৰসেৱাই তেওঁৰ জীৱনৰ ব্ৰত আছিল। হেম্পটন স্কুলৰ দৰে তেওঁ টাস্বেগী স্কুলতো খাটিছিল। তাৰ উপৰিও তেওঁ যি যি নিগ্ৰ' শিক্ষা-বিস্তাৰৰ প্রয়োজন আছিল, তেনে ঠাইতো আত্মশক্তি প্রয়োগ কৰিছিল ৷ সকলো কামতে তেওঁ সমানে আনন্দ পাইছিল। তেওঁ নিজকে বিসর্জ্জন দিবলৈ শিকিছিল— আদৰ্শৰ মাজত তন্ময় হ'ব পাৰিছিল। সেই কাৰণেই সকলো ঠাইতে তেওঁ স্বাৰ্থত্যাগৰ কৰ্ম্মক্ষেত্ৰ বিচাৰি লৈছিল ।

 আমষ্ট্ৰঙ্গ এজন ‘ইয়াঙ্কী' আছিল। যোৱা যুদ্ধত তেওঁ দক্ষিণ অঞ্চলৰ বিপক্ষে যুদ্ধও কৰিছিল। তথাপিও তেওঁ দক্ষিণ অঞ্চলৰ চাহাবসকলৰ প্রতি হিংসাভাব নেৰাখিছিল। বৰং যিমান পাৰে তেওঁলোকৰ উপকাৰ হে কৰিছিল ।

 হেম্পটন স্কুলৰ ল'ৰাবিলাকে তেওঁক দেৱতাৰ দৰে ভক্তি আৰু পূজা