সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
বুকাৰ ৱাচিংটন ।


বা আন কাপোৰ-কানি কেতিয়াও মলিন হ'বলৈ নিদিওঁ। এইবোৰ সজ গুণ মই বাকনাৰ-পত্নীৰ পৰা লাভ কৰিছোঁ। সকলো বিষয়তে শৃঙ্খলা- জ্ঞান, স্বাস্থ্যৰক্ষাৰ নিয়মপালন, যেতিয়াৰ কাম তেতিয়াই কৰা, প্ৰভৃতি গুণবোৰ এই ঘৰতে শিক্ষা পাইছোঁ।

 মোৰ কাম কাজ দেখি বাকনাৰ-পৰিবাৰে মোক ভাল পাবলৈ ধৰিলে। আন কি দিনত স্কুললৈ যাবলৈকো তেওঁৰ পৰা অনুমতি পালোঁ। ইমান দিন কেৱল ৰাতিৰ স্কুলহে কৰিছিলোঁ, এতিয়৷ তেওঁৰ অনুগ্ৰহত এঘণ্টাকৈ দিনৰ স্কুলতো হাজিৰ হব পৰা হ'লোঁ। মোৰ পঢ়াত তেওঁ ৰাতিও সহায় কৰিছিল। তেওঁৰ ঘৰত থাকেঁতেই মই এটা কেৰাচিন তেলৰ বাকচ আনি নিজ হাতেৰে আলমাৰী তৈয়াৰ কৰিছিলো। সেই আলমাৰীটোত কেইবা খাপ ৰাখি, তাত নানা ঠাইৰ পৰা কিছুমান বহি, কাগজ, পেঞ্চিল, কিতাপ গোটাই বৰ ভালকৈ সজাই ৰাখিছিলোঁ। সেয়ে মোৰ প্ৰথম লাইব্ৰেৰী আছিল।

 এই দৰেই মোৰ দিন কেইটা ভালেই গৈছিল। তথাপিও মই হেম্পটনৰ স্কুপৰ কথা পাহৰা নাই। ইমান দুৰত পঢ়িবলৈ যাম বুলি আইয়ে বেজাৰ কৰিবলৈ ধৰিলে। কিন্তু শেষত যাবলৈকে স্থিৰ কৰিলোঁ। ইপিনে হাতত পইছা এটাও নাই। ইমান দিন ম‍ই আৰু মোৰ ককাইদেৱে ধন ঘটিছো, সেই ধন কেৱল খোৱা লোৱাতে গৈছে; বাকী ধন মোৰ অভিভাৱকে উৰাইছে। তথাপিও যাবলৈকে ঠিক কৰিলোঁ।

 মোৰ যোৱাৰ বাতৰি পাই আমাৰ গাৱঁৰ সকলো মানুহ সুখী হ'ল। তেওঁলোকে মোক আশীৰ্ব্বাদ কৰিলে। তাৰ বাহিৰেও কোনোৱে কোনোৱে মোক ৰুমাল, পইচা আৰু ডবল পইচা দি সাহায্য