সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰকাশকৰ নিবেদন।

 এই কিতাপ আমেৰিকাৰ প্ৰসিদ্ধ বুকাৰ ৱাচিংটনৰ আত্মজীবনীৰ ভাঙ্গনি। গাৰো স্কুলবিলাকৰ নিমিত্তে সেই জাতিৰ সৰ্ব্বপ্ৰকাৰে উপযোগী কিতাপ কেইখনমান যুগুত কৰিবৰ প্ৰস্তাৱ হোৱাত—এই কামৰ নিমিত্তে যি কমিটি গঠিত হয় মই একটিং ইনস্পেক্টৰ স্বৰূপে তাৰ সম্পাদক হওঁ—মই কিতাপখনি (ইংৰাজী) বিশেষ মনোযোগেৰে পঢ়োঁ। তেতিয়াই অসমীয়া ভাঙ্গনি এখনি উলিয়াবলৈ স্থিৰ কৰোঁ। কিন্তু কাৰ্য্যৰ হেঁচাত এই কাম হাতত ল’ব নোৱাৰিলোঁ। পিচত মোৰ দ্বাৰাই সোনকালে কামটি হৈ উঠা কঠিন ভাবি শ্ৰীমান বসন্ত কুমাৰ বৰুৱাৰ হতুৱাই কৰালোঁ। এই কিতাপখনিয়ে যে সকলোৰে পৰা বিশেষকৈ গোটেই শিক্ষাবিভাগৰ পৰা, আদৰ পাব, ই (অপঠনীয়)ত দুখীয়া শিক্ষক আৰু ছাত্ৰৰবিলাকেও একোখনি (অপঠনীয়) সেই ভাবেৰে কিতাপখনিৰ মূল্যও তাকৰ কৰি ৰলোঁ। ৮ এপ্ৰিল, ১৯২৬।

শ্ৰীদুৰ্গাধৰ বৰকটকী।