এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
পঞ্চদশ অধ্যায়।
নপৰে। তৃতীয়তে নতুন নতুন অনুষ্ঠান আৰু কৰ্ম্মকেন্দ্ৰৰ কাৰ্য্য প্ৰণালী
দেখি নানা বিষয়েই জ্ঞান বাড়ে। বিদ্যাদানৰ বিচিত্ৰ নিয়মবিলাক
দেখি নিজৰ যথেষ্ট অভিজ্ঞতা জন্মে। ইয়াৰ বাহিৰেও ডাঙৰ ডাঙৰ পণ্ডিত,
অধ্যাপক, বিজ্ঞানবীৰ শিক্ষাপ্ৰচাৰক আৰু সাহিত্যৰথী সকলৰ লগত আলাপ
পৰিচয় আৰু ভাব বিনিময় হয়। এনেবোৰ কামৰ পৰাও বিশেষ লাভ
পোৱা যায়।
______