শৰীৰক নই এনেকৈ বল কৰিছোঁ, যে ২০ মিনিটমান শুবলৈ পালেই মই
আকৌ নতুন উদ্যমেৰে কাম আৰম্ভ কৰিব পাৰোঁ।
ৰেলগাড়ীত অহা যোৱা কৰোঁতেই মই যি অলপ পঢ়িবলৈ পাওঁ। তাৰ বাহিৰে কিতাপ পঢ়িবৰ নিমিত্তে মোৰ অকণিও সময় নোলায়। বাতৰিকাকত পঢ়িবলৈ মই বৰ ভাল পাওঁ। এনে ধৰণৰ কাকত বিমান পাৰো পঢ়োঁ। ভাল বেয়া বিচাৰ নকৰো। অৱশ্যে সভ্যতাৰ খাতিৰতো ডাঙৰ গ্ৰন্থাকাৰৰ কিতাপ পঢ়িবলৈ বাধ্য হৈছোঁ। তাকে নকৰিলে ভদ্ৰসমাজত আৰু বন্ধু মহলত মুখ উলিওৱা বৰ টান হৈ পৰে। কিতাপৰ মাজত জীৱন চৰিত্ৰবোৰ মোৰ বৰ আদৰৰ বস্তু। উপন্যাস বা নাটক মই কেতিয়াও নপঢ়োঁ। মই কোনো কাল্পনিক ঘটনা বা মানুহৰ জীৱনৰ আলোচনা কেতিয়াও ভাল নাপাওঁ। তেজ-মঙহৰ মানুহে সংসাৰত যি কাম কৰিছে, সেইবোৰৰ যথাৰ্থ বিবৰণ জানিবৰ কাৰণে মই সদায় উৎসুক। মহাপ্ৰাণ সভাপতি আব্ৰাহাম লিঙ্কল সম্বন্ধে আমেৰিকাৰ বাতৰিকাকত, সমালোচনা-পত্ৰ, কিতাপ আৰু প্ৰবন্ধবোৰত যি ৰচনা প্ৰকাশ হৈছে, সেইবোৰৰ মই এটা কথাও বাদ দিয়া নাই। সাহিত্য-সংসাৰত তেওঁ মোৰ ধ্ৰুবতৰা। তেওঁৰ জীৱনী আলোচনা কৰিয়েই এই মোৰ কৰ্ম্মজীৱন পৰিচালনা কৰিছোঁ।
বছৰে প্ৰায় ছমাহ এই টাস্কেগীৰ বাহিৰে কটাওঁ। ইয়াত মোৰ বৰ উপকাৰ হয়। কিয়নো, প্ৰথমতে কামৰ সালসলনিয়েই জিৰণি স্বৰূপ। নতুন নতুন মানুহৰ লগত মিলি, নতুন কৰ্ম্মক্ষেত্ৰত পৰি নতুন জীৱন লাভ কৰোঁ। দ্বিতীয়তে একেঠাইতে থাকিলে সেই ঠাইৰ সৰু সুৰা কাম বোৰত দিন কটাব লগাত পৰে। এটা ঠেক সীমাৰ মাজত জীৱন ঘূৰিপকি থাকে। কৰ্ম্ম আৰু চিন্তাশক্তিৰ বিকাশ বন্ধ হৈ যায়। শেষত মনৰ স্ফূৰ্ত্তি আৰু আনন্দ নোহোৱা হয়। কিন্তু আঁতৰত থাকিলে, সেই ঠাইৰ দোষ আৰু অসম্পূৰ্ণতাবোৰ চকুত