বিশ্বাসী আৰু প্ৰভুভক্ত জাতি আপোনালোকে বিদেশৰ পৰা কেতিয়াও
আমদানি কৰি আনিব নোৱাৰিব। আপোনালোক য'তে আছে, ত'তে
বাল্তি পেলাওক।’
{{gap}আপোনালোকে পুৰণি কথা মনত পেলাওক। সেই গোলামী যুগৰ শেষ অৱস্থা, সেই দুই অঞ্চলৰ যুদ্ধৰ কথা মনত পেলাওক। সেই যুগত আমি আপোনালোকৰ সতি-সন্ততিবিলাকক পালন কৰিছিলোঁ, বুঢ়া পিতা- মাতাক সেৱা কৰিছিলোঁ, আপোনালোকৰ সুখসম্পদতো আমিও সুখ-দুখ অনুভৱ কৰিছিলোঁ। আপোনালোকৰ বিছনাৰ ওচৰত বহি কিমান দিন অনাহাৰত ৰাতি উজাগৰে আছিলে, আপোনালোকৰ অভিভাবকৰ মৃত্যুত চকুৰ পানী টুকিছিলোঁ!মুঠ কথা আমি আমাৰ বুকুৰ তেজ দি আপোনা- লোকক মানুহ কৰিছিলো। নতুন কোন জাতি আহি আপোনালোকক সেইদৰে সেৱাশুশ্ৰূষা কৰিব?
ইমান দিন আমি যি কৰি আহিছিলোঁ, আগলৈকো তাকে কৰিম। আমি আপোনালোকৰ ধৰ্ম্ম, সমাজ, শিল্প, শিক্ষা, ৰাজনীতি প্ৰভৃতি সকলো কৰ্ম্মক্ষেত্ৰতে আপোনালোকৰ সহযোগী আৰু সৰু ভাইটি হৈ থাকিম। আমি আপোনালোকৰ স্বাৰ্থকে নিজ স্বাৰ্থ বুলি বিবেচনা কৰি সকলো বিষয়তে একে পৰিয়ালৰ দৰে জীৱন কটাম। আৱশ্যক হলে এই ৮০ লক্ষ নিগ্ৰ'ৱে প্ৰাণদান দি আপোনালোকৰ গৌৰৱ ৰক্ষা কৰিব। জানি ৰাখক, প্ৰত্যেক নিগ্ৰ'ৰ জীৱন সমগ্ৰ যুক্তৰাজাৰ স্বাধীনতাৰ নিমিত্তে উৎসৰ্গীত হৈ আছে।
আপোনালোকে জানিব, ক'লা আৰু বগাৰ সামাজিক লেনদেন আৰু খোৱা পিন্ধাত পাঁচ আঙ্গুলিৰ দৰে স্বতস্ব হলেও, যুক্তৰাজ্যৰ জাতীয় মঙ্গলৰ কাৰণে এই দুই সমাজ বাহুৰ দৰে এক পৰস্পৰ সাপেক্ষ। দুয়োৰে স্বাৰ্থ -সম্পূৰ্ণ এক। আমেৰিকাবাসীয়ে এক অঙ্গ এৰি আন অঙ্গৰ কেতিয়াও