সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
বুকাৰ ৱাচিংটন ।


নামজ্বলা নিগ্ৰ' শিল্পী আৰু ব্যবসায়ী দেখিবলৈ পাওঁ। তেওঁলোকৰ বেচি ভাগেই এই ‘ৰাতি-স্কুলৰ' অগ্নি-পৰীক্ষাৰ ভিতৰেদি জীৱন আৰম্ভ কৰিছে।

 অকল শিল্প আৰু কৃষিবিদ্যাতে আবদ্ধ নাথাকি আমি ল'ৰা-ছোৱালী- বিলাকক আধ্যাত্মিক বিষয়েও জ্ঞান দিবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ। খৃষ্টধৰ্ম্মৰ প্ৰচাৰ টাস্কেগীত যথেষ্ট হৈ থাকে। আমি কোনো বিশেষ দল বা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহওঁ। কিন্তু সাধাৰণ ভাৱে খৃষ্টৰ মত আমালোকৰ শিক্ষালয়ত প্ৰচাৰিত হৈ থাকে।

 মই কি উপায়েৰে বক্তৃতা কৰিবলৈ শিকিলোঁ, অনেকে সোধে। আচল কথা ক'বলৈ গ'লে, বক্তৃতা দিয়া মোৰু জীৱনৰ উদ্দেশ্য নহয়। মোৰ জীৱনৰ লক্ষ্য—কাম, কথা নহয়। ম‍ই যি কাম কৰোঁ, দহজনৰ মাজত তাকে প্ৰচাৰ কৰিবলৈ যত্ন কৰোঁ।

 আলাবামা ভবনৰ নিমিত্তে উত্তৰ অঞ্চলত ধন তোলোঁতেই মই অনেক ঠাইত বক্তৃতা দিব লগাত পৰিছিলোঁ। তাতে মোৰ নাম ৰৈ বৈ গ'ল। মোৰ বক্তৃতা শুনি অনেক মানুহে আনন্দ উপভোগ কৰিলে। যুক্তৰাজ্যৰ জাতীয় শিক্ষা পৰিষদৰ সভাপতি মাননীয় শ্ৰীযুক্ত বিকনেল মহাশয়ে কোনো এঠাইত মোৰ বক্তৃতা শুনিছিল। তাৰ কিছু দিনৰ পিচতে তেখেতে মোকে মেচিডেন নগৰত শিক্ষাপৰিষদত এটা বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে। সেই সভাত প্ৰায় ৪০০০ মানুহ উপস্থিত আছিল। আলাবামা আৰু টাস্কেগীৰ পৰাও অনেক চাহাব সেই সভালৈ গৈছিল। বক্তৃতা দি শেষ কৰাৰ পিচত কেইবাজনো চাহাবে মোক কৈছিল, “ডাঙৰীয়া, আপোনাৰ বক্তৃতা শুনি আমি বৰ সন্তোষ পালে। আমি ভাবিছিলোঁ, উত্তৰ-অঞ্চলত আদৰ সাদৰ পাই, আপুনি দক্ষিণ অঞ্চলৰ চাহাব সকলক গালিশপনি দিব, কিন্তু দেখিলোঁ, আপোনাৰ বক্তৃতাত বিদ্বেষৰ লেশ মাত্ৰ নাই।