প্ৰকাণ্ড লাইব্ৰেৰী সজা হৈছে। ইমান দিন আমি তেওঁৰ কৃপা পোৱা
নাছিলোঁ। তেওঁৰ অনুগ্ৰহ পাবৰ নিমিত্তে মই দহ বছৰ অপেক্ষা কৰিব
লগাত পৰিছিলোঁ। ১৮৯০ চনতে মই তেওঁৰ লগত প্ৰথম বাৰ দেখা
কৰিছিলোঁ। তেতিয়া তেওঁ আমাৰ প্ৰতি অকণো সহানুভূতি
নেদেখুৱাইছিল। দহ বছৰৰ পিছত তেওঁলৈ এখন চিঠি লিখিলে।
চিঠিখন এই –
“টাস্কেগী আলাবামা।”
১৫ ডিচেম্বৰ, ১৯০০
সবিনয় নিবেদন,
কেইদিনমানৰ আগেয়ে আপোনাৰ ঘৰত মোৰ যি কথা বতৰা হয়, সেই কথা অনুসাৰে আপোনালৈ এইখন চিঠি লিখিলোঁ। আপুনি আমাৰ লাইব্ৰেৰীৰ আৱশ্যকতা বুজিব খুজিছে, সেই কাৰণে আপোনাক জনাইছোঁ যে,—
১| আমাৰ স্কুলত সম্প্ৰতি ১১০০ ছাত্ৰৰ আৰু ৮৬ জন শিক্ষক আৰু কৰ্ম্মচাৰীয়ে এই লাইব্ৰেৰী ব্যৱহাৰ কৰিব। তাৰ বাহিৰেও শিক্ষক আৰু কৰ্ম্মচাৰীসকলৰ পৰিয়ালৰ আন আন মানুহ আৰু আমাৰ স্কুলৰ ওচৰত থকা প্ৰায় ২০০ জনমান নিগ্ৰো মতা আৰু মাইকী মানুহেও এই লাইব্ৰেৰীৰ পৰা উপকাৰ পাব।
২| আমাৰ হাতত এতিয়া ১২,০০০ কিতাপ আৰু বাতৰি প্ৰভৃতি আছে। এইবোৰ কিতাপ আমি বন্ধুসকলৰ পৰা দান স্বৰূপত পাইছোঁ; কিন্তু ঠাইৰ অভাৱত এইবোৰ কাকত কিতাপ ভালকৈ ৰাখিব পৰা নাই। লাইব্ৰেৰী নথকাত কিতাপবোৰৰ ব্যৱহাৰৰো নানা অসুবিধা ঘটিছে।