সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮
বুকাৰ ৱাচিংটন ।

উঠে। দাঁত সৰাবলৈ যিমান কষ্ট, এই ছোলা পিন্ধাৰ কষ্টও তাতকৈ বেচি হলেও কম নহয়। ৱেষ্ট ভাৰ্জিনিয়াৰ গোলামপটীত থাকোঁতে, এবিধ খহটা কাপোৰৰ ছোলা আমাক পিন্ধিবলৈ দিয়া হৈছিল। নতুনতে এই ছোলাবোৰত অলেখ কাঁইট থাকে। ছালত সেই কাঁইটবোৰে বৰকৈ বিন্ধে। মোৰ গাৰ ছাল আনতকৈ কোমল আছিল, গতিকে সেই ছোলা পিন্ধি মই বৰ দুখ পাইছিলোঁ। কিন্তু কি কৰিম? সেই ছোলা নিপিন্ধি- লেই নহয়।

 এবাৰ মোৰ ককাইদেউজনে মোৰ দুখ দেখিব নোৱাৰি মোৰ ছোলাটো তেওঁ ৩০।৩২ দিনমান পিন্ধি কাঁইটবোৰ ভোটা কৰি মোক পিন্ধিবলৈ দিছিল। ভালেমান দিনলৈকে, গোলামী-যুগত সেই ছোলাই মোৰ একমাত্ৰ পৌঁছাক আছিল।

 মোৰ দুৰাৱস্থাৰ কাহিনী শুনি আপোনালোকে ভাবিব পাৰে যে, দক্ষিণ অঞ্চলৰ গোলাম বিলাকে তেওঁলোকৰ গৰাকীসকলক পেটে পেটে বৰ বেয়া পাইছিল! আচল কথা ক'বলৈ গলে, আমি তেনে অসৎ ভাব কেতিয়াও মনত ঠাই দিয়া নাছিলোঁ। আমি জানিছিলোঁ যে, আমাক চিৰকাল গোলাম কৰি ৰাখিবৰ নিমিত্তেই তেওঁলোকে উত্তৰ অঞ্চলৰ মানুহবিলাকৰ লগত যুঁজিছিল। আমাৰ গৰাকী সকল যুঁজত জিকিলে যে, আমি চিৰকাল গোলাম হৈ থাকিব লাগিব, সেই কথাও বেচকৈ জানিছিলোঁ। তথাপিও আমি আমাৰ গৰাকীসকলৰ প্ৰতি কেতিয়াও শত্ৰুতা ভাব পোষণ কৰা নাছিলোঁ। বৰঞ্চ, সকলো সময়তে তেওঁলোকৰ সুখত সুখী হৈয়ে আছিলোঁ।

 যুঁজত আমাৰ গৰাকীৰ এজন ডেকা পুতেক মৰা পৰে আৰু দুজন আহত হয়। এই ঘটনাত আমাৰ গৰাকীৰ পৰিয়ালে যিমান বেজাৰ পাইছিল, গোলামপটীৰ মানুহে তাতকৈ কম বেজাৰ পোৱা নাছিল।