টাস্কেগীৰ নিমিত্তে ধনতোলা এই উদ্দেশ্য লৈ মহাপ্ৰাণ আমষ্ট্ৰঙ্গে
মোক মাতি পঠাইছিল। আমালোকৰ নিমিত্তে এনে ত্যাগ স্বীকাৰ
কেইজনে কৰিব পাৰে?
উত্তৰ-অঞ্চলত ধন তুলিবৰ নিমিত্তে বক্তৃতা দি ফুঁৰোতে মই আমষ্ট্ৰঙ্গ চাহাবৰ এটা উপদেশ সদায় মনত ৰাখি চলিছিলোঁ। তেওঁ কৈছিল, “মুখৰ মাহিলা কেতিয়াও নেমাৰিবা। বক্তৃতাৰ প্ৰত্যেক শব্দটোত এটা নতুন ভাব মনৰ মাজলৈ আনিবা, যাতে শ্ৰোতাই বুজিব পাৰে যে তুমি কামৰ কথা কৈছা।” বক্তৃতা কৰিবৰ প্ৰণালী ইয়াতকৈ আৰু কি ভাল হব পাৰে?
নিউয়ৰ্ক, ফিলাডেলফিয়া, বোষ্টন, ব্ৰুকলিন প্ৰভৃতি কেইবাখনো ডাঙৰ চহৰত সভা পাতি আমি দুইজনে বক্তৃতা দি আমাৰ স্কুলৰ উদ্দেশ্য আৰু প্ৰণালীবোৰ মানুহবিলাকক বুজাবলৈ ধৰিলোঁ। আৰু লগে লগে আলাবামা-ভবনৰ নিমিত্তেই তেওঁলোকৰ পৰা সাহায্য ভিক্ষা কৰিছিলোঁ। ধন ভালেখিনি উঠিল। এমাহমান এইদৰেই বক্তৃতা কৰি আমাৰ প্ৰচাৰকাৰ্য্য শেষ কৰিলো।
ইয়াৰ পিচত মই অকলৈ ভিক্ষাৰীৰ জোলোঙা লৈ উত্তৰ-অঞ্চললৈ বাহিৰ হ'লোঁ। দৰাচলতে ক'বলৈ গ'লে যোৱা ১৫ বছৰ মই টাস্কেগীৰ বাহিৰতে কটাইছোঁ—স্কুলৰ লগত সাক্ষাৎ সম্বন্ধ বেচি দিন ৰাখিব পৰা নাই। আমাৰ স্কুলৰ নতুন নতুন বিভাগৰ উন্নতিৰ অৰ্থে যুক্তৰাজ্যৰ প্ৰদেশে প্ৰদেশে ঘূৰি ফুৰিব লগীয়াত পৰিছোঁ।
অনেকে মোকে সোধে, “ডাঙ্গৰীয়া, ধন তোলাৰ আপোনাৰ কিবা নিয়ম বা প্ৰণালী আছেনে কি?” আপুনি দেখোন অতি সহজেই আপোনাৰ কাজৰ নিমিত্তে মানুহৰ মন টানি আনিব পাৰে। আমি কিন্তু নোৱাৰোঁ।” মানৱসেবাৰ নিমিত্তে ভিক্ষা কৰাৰ কিবা নিয়ম