যত্ন কৰিছিল। মই তেওঁলোকৰ এনে যত্নত মনৰপৰাই মুগ্ধ
হৈছিলোঁ।
টাস্কেগীৰ চাহাবসকলে আজিকালি মোক সম্মান কৰে। অনেক সময়ত তেওঁলোকে নিজে উপযাচি আহিও মোক শ্ৰদ্ধা দেখুৱায়। টাস্কেগীৰ বাহিৰেও চাহাবসকলে আমাক ভক্তি আৰু শ্ৰদ্ধা কৰে। মই কেইবা ঠাইতো আৰু কেইবা সময়তো চাহাবসকলৰ পৰা আদৰ- অভ্যৰ্থনা পাইছো। এদিন টেস্কাচ প্ৰদেশত ৰেলেৰে ফুৰিছিলো। প্ৰত্যেক ষ্টেচনতে অনেক মেম আৰু চাহাবে মোক উপযাচি সম্ভাষণ জনাইছিল। মই তেওঁলোকক চিনি নেপাওঁ —কিন্তু তেওঁলোকে মোৰ নাম শুনিছিল। সকলোৰেই মুখত কেৱল একেটা কথাকে শুনিছিলোঁ—-“আপুনি আমাৰ দক্ষিণ অঞ্চলত যি সদকাৰ্য্যত ব্ৰতী হৈছে, তাৰ নিমিত্তে আমি সকলোবিলাক মানুহ গৌৰৱান্বিত। আপোনাক আমাৰ অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ।”
আৰু এবাৰ মই চাহাবসকলৰ মৰমৰ অত্যাচাৰত পৰিছিলোঁ। এদিন উত্তৰ অঞ্চলত ৰেলত উঠি এঠাইত ফুৰিবলৈ গৈছিলোঁ। শেষত ভাগৰ লগাত বেচি ধন দি এটা শোৱা কোঠাত সোমালো। সেই কোঠাতেই দুজনা ইয়াঙ্কী মহিলা আছিল। মই তেওঁলোকক চিনি পালো। তেওঁলোক দুজনা বোষ্টন নগৰৰ এঘৰ ডাঙৰ মানুহৰ ছোৱালী। তেওঁলোকে মোক তেওঁলোকৰ ওচৰতে ঠাই দিলে। প্ৰথমতে তেওঁলোকৰ লগলৈ যাব নুখুজিছিলো, কিন্তু তেওঁলোকৰ অনুৰোধ এৰাব নোৱাৰি তেওঁলোকৰ লগতে খাবলৈ বাধ্য হ'লোঁ। অলপ পৰৰ পিচতে তেওঁলোকৰ আদেশত হোটেলৱালাই খানা আনি হাজিৰ কৰিলে। কাণ্ড দেখি মই বৰ লাজ পালো। সেই গাড়ীতে অনেক চাহাবো আছিল। তেওঁলোকে মোক ভালকৈয়ে