সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
বুকাৰ ৱাচিংটন ।


এনে দুৰাৱস্থা বেচি দিন নাথাকিল। ইমান বোৰ অভাৱ আৰু অসুবিধাৰ মূহূৰ্ততো আমি এতিয়া সুখৰ মুখ দেখিবলৈ পাইছোঁ। আগৰ পৰা ইমান কষ্টত নপৰা হ'লে, আজিৰ দিনত এনে নিৰ্ম্মল সুখ ভোগ কৰিবলৈ নাপালোঁহেতেন।

 এতিয়া পুৰণি ল'ৰাবিলাকে টাস্কেগীলৈ আহি সুন্দৰ ঘৰ, চাফ চিকুণ মেজ, পৰিপাটি ৰান্ধোন আৰু খোৱাৰ সুব্যৱস্থা দেখে। এতিয়া সেই হৈ-চৈ, সেই গণ্ডগোল নাই। এইবোৰ দেখি শুনি তেওলোঁকে কয়, “আমি আগেয়ে এই স্কুলত দুথেৰে কটাইছোঁ, কিন্তু এতিয়া তাৰে স্বাভাৱিক ক্ৰমবিকাশ দেখিছোঁ, আৰু লগে লগে এক মহান আৰু সুন্দৰ অনুষ্ঠান গঢ়ি উঠিছে। এতিয়া বুজিছোঁ, অতীতৰ দুখ স্বীকাৰৰ ওপৰতেই বৰ্ত্তমানৰ সুখৰ ভেটি প্ৰতিহিত হৈছে।”

______