সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
দশম অধ্যায় ।


ভাত দিবলৈ ঘটি, বাটি, থাল একোৱেই নাই। বজাৰতো একো বস্তু ধাৰে নাপায়। স্টোভ নহলেও ভাত আঞ্জা ভালকৈ বান্ধিব নোৱাৰি। অগত্যা আগৰ ধৰণেই বাহিৰতে জুই ধৰি কেৰাহি আৰু চকুত ভাত-আঞ্জা ৰান্ধিবলৈ ধৰা হ'ল। খাবলৈ মেজ নাই। নিস্ত্ৰীবিলাকে কাঠ মিহি কৰোঁতে ব্যবহাৰ কৰা মোটা বেঞ্চিকে ভাত খোৱা মেজ কৰিলো! কিন্তু থাল-বাটি বেচি গোটাব নোৱাৰিলোঁ।

 বোৰ্ডিঙত সকলো ল’ৰাই একেলগে আৰু একে সময়তে খাব লাগে। প্ৰথমতে তাৰো একো দিহা কৰিব নোৱাৰিলোঁ। ভাত-আঞ্জাব দশাও একে। কেতিয়াবা লোণ নহয়, কেতিয়াবা আকৌ মঙহেই দেই পুৰি যায়। দুসপ্তাহমান এই দৰেই গ'ল।

 এদিন ৰাতিপুৱা চাহৰ আয়োজন চলিছে। ম‍ই ঘৰৰ চুক এটাৰ পৰা ল'ৰাহঁতৰ কথা শুনিছো। ল'ৰা-ছোৱাগীবিলাকে মহা গণ্ডগোল লগাই দিছে। সকলোৰে মুখ গম্ভীৰ— পুৱাৰ আহাৰ তেনেই দেই-পুৰি অখাদ্য হ'ল। ছোৱালী এজনী বকি বকি কুৱাৰ পাৰলৈ গ'ল। তাই কুৱাৰ পানী এচলুৰেই ৰাতি-পুৱাৰ আহাৰৰ হেঁপাহ পলুৱাব বুলি ভাবিছিল। কিন্তু গৈয়েই দেখে পানীতোলা জৰিডালো ছিগা! তাইৰ পানী খোৱাও নহল। মহা বিৰক্ত হৈ তাই ক'লে, “এইখন স্কুলত এটোপা পানীও খাবলৈ পাবলৈ নাই!” ম‍ই ওচৰতে আছিলো। তাইৰ কথা শুনি মোৰ মনটো সঁচাকৈয়ে বৰ বেয়া লাগিল।

 এদিন আমাৰ বন্ধু বেডফোৰ্ড চাহাব টাস্কেগী স্কুলত আহি আছিল। পুৱাই তলৰ কোঠাত তেওঁ এটা গণ্ডগোল শুনিবলৈ পালে। তিনটা ল'ৰাই পিয়লাত কফি খোৱা লৈ কাজিয়া লগাইছে। পিয়লাত কফি খাবলৈ সদায় সকলো ল'ৰাই নাপাইছিল। কেইবা দিনৰ মুৰত হে একো একোজনে পাইছিল।