সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
বুকাৰ ৱাচিংটন ।


ধৰিলোঁ। অনেক ঠাইত অভিভাৱক সকলকো পৰামৰ্শ দিলোঁ। এনে কৰাত ছাত্ৰৰ সংখ্যা কমক ছাৰি বাঢ়িবলৈ ধৰিলে। আন ঠাইৰ পৰাও ছাত্ৰ আহিল। অতি অলপ দিনৰ ভিতৰতে ছাত্ৰৰ সংখ্যা ১৫০ জন হ'ল।

 ঘৰ সজা হ'ল; এতিয়া আনন্দেৰে ঘৰ লোৱা উৎসৱ পাতিলোঁ। ৰবাৰ্ট চি বেডফোৰ্ড নামে এজন পাদুৰি চাহাবক সভাপতি পতা হ'ল। তেওঁ মোক আগেয়ে চিনি নেপাইছিল। তাথাপি তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ মহৎ হৃদয়ৰ চিনাকি দিলে। তেতিয়াৰে পৰা তেওঁ আমাৰ স্কুলৰ অন্যতম অভিভাৱক আৰু ৰক্ষকস্বৰূপে কাম কৰি আহিছে। সেই উৎসৱৰ দিনা আমাৰ মন কেনে লাগিছিল, তাক ভাষাৰে প্ৰকাশ কৰা টান।

 ইয়াৰ কিছু দিনৰ পিচত এজন কৰ্ম্মী ডেকা আমাৰ হাতত পৰিল। তেওঁ হেম্পটনৰ পৰা আহিছিল। তেওঁৰ নাম ওৱাৰেণ ল'গান। এই বিচক্ষণীয়া ডেকা ল'ৰাটি মোৰ সোঁহাত আছিল। তেওঁৰ সাহায্যত আমাৰ স্কুলৰ যথেষ্ট উন্নতি হৈছিল।

 ঘৰ সজা হ'ল। লৰাৰ সংখ্যাও দিনক দিনে বাঢ়িবলৈ ধৰিলে। গতিকে আমি তেওঁলোকৰ নিমিত্তে এটা বোৰ্ডিং ঘৰ কৰাত মন দিলো। আগৰটো ঘৰ কৰোঁতে ৰন্ধা ঘৰ আৰু খোৱা ঘৰৰ একো ব্যৱস্থা কৰা নাছিলো। গতিকেই আকৌ নতুনকৈ ঘৰ সাজিব লগাত পৰিল। স্থিৰ কৰিলোঁ, ঘৰটোৰ মজিয়াৰ মাটি কাটি এটা গাঁত কৰি ৰন্ধা আৰু খোৱা ঘৰ কৰা যাওক। সেই মতেই ল'ৰাহতৰ হতুৱাই, ডাঙৰ গাঁত খনাই ৰন্ধা আৰু খোৱাৰ ব্যৱস্থা কৰা হ'ল।

 ইমানবোৰ কাম কৰিও এতিয়া বোৰ্ডিং চলোৱা বৰ টান কাম হৈ পৰিল। সকলো কামতে ধনৰ প্ৰয়োজন। ইপিনে ল'ৰাবিলাকক