সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
বুকাৰ ৱাচিংটন ।


পাৰোঁ। সি যি হওক, যোৱা কুৰি বছৰৰ শিক্ষাৰ ফলত আজি দক্ষিণ অঞ্চলত অনেক নিগ্ৰ’ডেকাই ইটাৰ ব্যৱসায় কৰি পেটৰ ভাত মোকলাই খাইছে।

 এই ইটাৰ ব্যৱসায়ৰ পৰা মই এটা নতুন শিক্ষা পালো। যি বিলাক চাহাবৰ লগত আগেয়ে আমাৰ চিনাপৰিচয় নাছিল, বা যিবিলাকে আমাক কোনো ৰকমে সহানুভূতি নেদেখুৱাইছিল, এতিয়া তেওঁলোকেও আমাৰ ইটা ভাল দেখি কিনিবলৈ ধৰিলে। এতিয়া তেওঁলোকে ভালকৈয়ে বুজি পালে যে শিক্ষাই নিগ্ৰ' বিলাকক বাবু কৰি তোলা নাই, বৰঞ্চ আমি তেওঁলোকৰ উপকাৰতে আহিছোঁ। এইদৰেই কিনা বেচা কৰি থাকোঁতেই দুই জাতিৰ মাজত ভাল ভাব আৰম্ভ হ'ল। এতিয়া দক্ষিণ অঞ্চলৰ এই দুই জাতিৰ মাজত কোনো ভেদভাব নাই। বক্তৃতাৰ দ্বাৰা যি কাম সহজে কৰিব নোৱাৰি, ইটাৰ ব্যৱসায়ৰ দ্বাৰা সেই কাম অতি সহজেই সাধিত হ'ল। এতিয়া চাহাবসকলে বুজিলে যে, আমাক বাদ দিলে তেওঁলোকৰ কোনো কামেই সিদ্ধ নহয়।

 মোৰ অভিজ্ঞতা এই যে, কথাতকৈ কামৰ মূল্য অনেক গুণে বেচি। কিয়নো মানুহ, কৃতিত্ব আৰু সৌন্দৰ্যৰ দাস। নিগ্ৰ'ৱে যদি এটা সুন্দৰ ঘৰ সাজে, সেই সুন্দৰ ঘৰ চাহাবসকলৰ চকুত সুন্দৰ লাগিব। গুণৰ আদৰ কোনে নকৰে?

 ইয়াৰ পিছতে আমি বাগী আৰু গাড়ী তৈয়াৰ কৰাত লাগি গ'লোঁ। আজিকালি আমাৰ স্কুলৰ নিমিত্তে এনে ধৰণৰ ১২ খন ভাল গাড়ী আৰু বাগী আছে। এটাই কেইখন ছাত্ৰবিনাকে নিজহাতে কৰিছিল। এনেকুৱা আৰু কিছুমান কৰি বজাৰত বেচি ধন আনিলোঁ। এই গাড়ী কাৰবাৰতো চাহাবসকলৰ লগত আমাৰ সদ্ভাৱ আগতকৈ