সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
বুকাৰ ৱাচিংটন ।


আৰম্ভ কৰি বিজুলী-বাতি, গেছৰ কল বহুৱালৈকে সকলোবোৰ কামকে ল'ৰাহঁতে নিজহাতে কৰিবলৈ শিকিছে। এতিয়া আমি ঘৰ সাজোঁতে কোনো বিষয়তে লোকৰ সাহায্য বা উপদেশ ল'ব লগাত নপৰোঁ। আনন্দৰ কথা এই যে, কোনো নতুন ল'ৰাই স্কুল-ঘৰৰ বেৰত পেনচিলেৰে দাগ দিব খুজিলে বা মেজত কটাৰীৰে নাম লিখিব খুজিলে পুৰণি ল'ৰাবিলাকে সিহঁতক হাক দি কৈছিল, “ভাই, এইবোৰ বেয়া নকৰিবা; আমিয়েই সাজিছোঁ, বেয়া হলে আমিয়েই ভাল কৰিব লাগিব।”

 ঘৰ সাজিবলৈ ইটা তৈয়াৰ কৰিবৰ সময়ত আমি বৰ বিপদত পৰিছিলো। আমি নিজে ইটা তৈয়াৰ কৰাৰ বিশেষ কাৰণো আছিল। নেই সময়ত টাস্কেগীত ইটাৰ কাৰখানা নাছিল, তাঁৰ উপৰিও বজাৰত ইটাৰ বৰ চলন্তি আছিল। গতিকে এই ছলতে আমি ইটাৰ কাৰবাৰ খুলিবলৈ মন মেলিলো।

 বাইবেলত পঢ়িছিলোঁ— ইজাবেলৰ ল'ৰাবিলাকে খেৰকাঠ নোহোৱাকৈয়ে ইটা তৈয়াৰ কৰিবলৈ বাধ্য হৈছিল। এতিয়া দেখিলোঁ, আমাৰ কষ্টও তেওঁলোকতকৈ কোনো গুণেই কম নহৱ। কিয়নো এই বিষয়ত আমাৰ সমুলি অভিজ্ঞতা নাছিল।

 ইটা সজা কাম তেনেই ঢিলা নহয়। বোকাৰ গাঁতত ৩|৫ ঘণ্টা থিয় দি সোমাই থকা বৰ টান। আঠুলৈকে বোকা লাগি থাকে, কাপোৰ- কানিও লেতেৰা হয়। ল'ৰাবিলাকে এই কাম কৰিব লগা হোৱাত সিহঁতৰ মন কোচ খাই গ'ল। ইমান দিন কোনো মতে বুজাই বৰাই মাটি- কোৰা কামত লগাইছিলোঁ। কিন্তু বোকা খচিবৰ পাল পৰিলত ল'ৰাহঁত অধৈৰ্য হৈ পৰিল। এনে টান কাম কৰিব লগা হোৱাত ল'ৰাহঁতে মৰণান্তিক বেজাৰ পালে। বহুতো ল'ৰাই এই দুখতে স্কুলকে এৰিলে।