পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


            বৰাগী দুখীয়া দীন।
মনে মনে কম মনৰ কথাটি,
            মনৰ তলিত গথাঁ,
তোমাৰ হিয়ালৈ ববহে নিজৰি
            সন্তাপী হিয়াৰ কথা।
প্ৰাণৰ প্ৰাণত দুখীৰ দুৰ্দশা
            বাজিছে আপোন ৰাৱে,
জগৎ জুৰিব, তোমাৰ হিয়াত
            পৰি প্ৰতিধ্বনি ভাৱে।
দুগুণ শুৱলা দুগুণ সুন্দৰ
            ফুটিব মুখৰ মাত,
দুগুণ সাহেৰে-দুগুণ শকতি
            পামহে দুৰ্বলী গাত।।
নুশুনা লোকেও শুনি ৰৈ যাব,
            শুনিব দুখৰ কথা,
এখন্তেক ৰ'ব, শুনি পমি যাব,
            বুজিব বেজাৰ-ব্যথা।
শুনা তেন্তে শুনা, শুনা দেৱি শুনা,
            কৈ লঘু হওক হিয়া,
নোৱাৰোঁ বব বেজাৰৰ ভাৰ,
            দিয়া পাতলাই দিয়াঁ।
গোটেই সংসাৰ দুখৰ বোজাটো
            নহয় যে এলাপেচা,
সেয়ে প্ৰতি ক্ষণে খুন্দিয়াই মোক