পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উঠি হৃদয়ত লীণ হয় ক্ষণে
          দৰিদ্ৰৰ মনোৰথ,
উধায় কল্পনা, অসীম জগৎ
          ধৰিছে আকাশী-পথ।
বিচাৰিছে প্ৰাণে যি ধন-সম্পদ
          উতলা যিহৰ লাগি
এয়ে সেই যাৰ আশাতে হৃদয়
          আছে নিশি-দিন জাগি।
মুকলি মনৰ মানৱী মূৰ্তি
          অকলঙ্ক মধুৰিমা,
দিব্য দৃষ্টি এয়ে সচেত সপোন,
          —নাই সপোনৰো সীমা।।

কিনোনো কৈ যাম, কিনোনো শুনিবা,
          দুখৰে উপৰি দুখ।
কুকুৰে কামোৰে, ছৱালে দলিয়ায়,
          কতো মিলিলে সুখ,
দুখীয়াৰ কথা কোনেনো শুনিব?
          শুনিও নুশুনে কেৱেঁ,
পদূলিৰ পৰা খেদি পঠিয়ায়,
          বলিয়া বুলিহে হাঁহে।
কাকেই বা ক'ম, কোনে পতিয়াব?
          শুনিবা প্ৰাণৰ বীণ?
তোমাতে আশ্ৰয় মাগিছো হে দেৱি,