পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তোমাৰ আদেশ      অপেক্ষাত আছে
   শিৰেৰে নমিহে ভূমি।
অন্যায় অসত্য      পাশৱ বলেৰে
   নিত্য সংগ্ৰাম-চাৰী,
দৈৱী সম্পদৰ      আশ্বাস-নিৰ্ভীক
   বিজয় গাণ্ডীৱধাৰী।
বিশ্বৰ বীণত      ঝঙ্কাৰ উঠিছে
   মিলোৱাঁ তাৰেই সুৰ,
আকাশৰ লক্ষ      গ্ৰহ সমন্বিতে
   ওঙ্কাৰ ধ্বনুৰে পূৰ।
ধ্ৰুবলোকৰ      সত্যক আজোঁৰা
   অৰুন্ধতীৰ প্ৰেম,
সূৰ্য্যৰ ৰশ্মিৰ      জলন্ত মহিমা,
   পৃথিৱী-তলৰ হেম।
পৃথিৱীক তোলাঁ      স্বৰ্গৰ খাপলৈ
   স্বৰ্গক নমাই আনা,
সৰগ নহয়      দূৰ-দূৰণিৰ
   বাহিৰৰো নোহে জানা।
অন্তৰৰ চকু      মেলাঁ মোৰ বন্ধু
   দিব্য দৃষ্টিৰে ফুৰাঁ,
শুধ দাপোনত      শুধ প্ৰতিবিম্ব
   বাহিৰ ভিতৰ জোৰা।