পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 
        ।।১।।

শুনিবা প্ৰাণৰ বীণখনি মোৰ,
আহিছোঁ ভাগৰে-দুখে
বেজাৰৰ কথা কৈও অন্ত নাই,
মাতও নুফুটে মুখে।
দুখ-ভাগৰৰ অন্ত তোমাতেই,
সন্তাপ আঁতৰাই নিয়া-
তোমাতে আশ্ৰয়, তোমাতে নিৰ্ভয়
তোমাতে নিচুক হিয়া।
লক্ষ হৃদয়ৰ লক্ষ দুখকণা
বান্ধিছা একোটি সুৰে,
তোমাৰ প্ৰাণেৰে মহাপ্ৰয়াণত
দুখো সুখ হৈ পৰে।
সুখৰ দুখৰ মিলনৰ ৰেখ
মাৰ গ'ল কোন পিনে?
দুখৰ লগতে সুখ ধৰা পৰে,
সুখ-দুখ কোনে চিনে
বায়ুৰ সৈতে যি খেল তোমাৰ
পৰশে হৃদয় তলি,
চৈধ্য ভূবনৰ মিলনৰ ঢৌ
বায়ুৰে ফুৰিছে খেলি।