ভীম কলৰ পুলি যেন বাৰীত দেখা পাওঁ।
ক’ত আছে চিগা কাচি চেং কলি দা
পচলা আনিবলে কোনজনি যা।
ছিগা কাচি হাতত লৈ বাৰীত হল থিয়
সৰু সৰু পচলাৰ উৰিগল জীৱ।
কাটিলেক পচলা আনিলেক টানি
বাঁহ জেঙৰ খোচ খাই ৰান্ধনি হল কানি।
আনিলেক পচলা কাটিলেক পাত
মজিয়াত পেলাই লৈ দিলে থিয় ঘাপ।
পচলাৰ পানীয়ে মজীয়া বুৰিল
সৰু সৰু জীৱবোৰ চাঙত উঠিল।
কলৈ যাওঁ কি কৰো কতপাম তৰ
ক্ষণ গণি আলহী ভিৰাই মাৰিল লৰ।
⸺০০⸺
থুপৰীৰ গীত
(৩)
হুঁচৰি ঐ ধনশিৰি বাই
বিহুটি আনোগৈ টকা বজাই।
আম গছৰ আমৰলী মদা গছৰ হলৌ
থুপৰীয়ে তাঁত লগাই চুলি জলৌ মলৌ।
তাই হেনো নিচিনে তাঁতৰ বিহা
নবৈ নেকাটি পিন্ধে সিংখাপৰ ৰিহা।
একো চৰাই নেকান্দিলে কান্দিলেক কুদু
থুপৰীৰ গালতে চুমাখালে হুদু।
আদপোৱা সুতা কাটি বেৰত থলে তুলি
হালোৱাই লৈ গল মৈ জৰি বুলি।
আৰু পোৱা কাটিলেক সবাতকৈ সৰু
তাৰেই বান্ধিলে ডমৰা গৰু।
আম লখু লখু ঐ চাম লখু লখু
বাৰহাত তাঁতশাল তেৰহাত মাকো।