৮/ বিশ্বায়ন বাৰিষাৰ পানীয়ে পুখুৰী ভৰাই কেইদিনমানলৈ মনটো ভাল লগাই দিয়ে। দুই এক মাছ-পুঠিও নোসোমোৱা নহয়। কিন্তু কেতিয়াবা নৈৰ ঢলে পুখুৰীৰ পাৰ ভাঙি নিয়ে। নৈৰ পানীৰ লগত সোমোৱা ৰৌ-বৰালিয়ে আমাৰ পুঠি-দৰিকণাকেইটা খাই নোহোৱা কৰে আৰু চেগ বুজি ঢলৰ লগতে ওলাই লৰ মাৰে। অৱশ্যে গৰাকীৰ হাতত ভাল জাল থাকিলে এনে সুযোগতে দুই-এক ৰৌ-বৰালি জালত পৰে। নাথাকিলে তাৰো মুদা মৰে। বিশ্বায়নৰ ক্ষেত্ৰতো কথাটো একেটাই। বাহিৰৰ বৃহৎ বণিকসকল আহি আমাক একেদিনাই ধনী কৰিব বুলি আমি আমাৰ বজাৰখন খুলি দিছোঁ । কোনো নিয়ন্ত্রণ নোহোৱাকৈ তেওঁলোকে আহি ইয়াত বেহা পাতিছেহি আৰু আমাৰ সৰু সৰু ব্যৱসায়ীবোৰক তিলিকতে গিলিবলৈ ধৰিছেহি । আমাৰ হাতত এনে কোনো ভাল জাল নাই যে আমি তেওঁলোকক ধৰি ৰাখিব পাৰোঁ। তেওঁলোকে এখন জাকজমক বজাৰ দেখুৱাই আমাক সৰ্বস্বাস্ত কৰিছে আৰু আমাৰ ঘৰৰ ব্যৱসায়-বণিজ সমুলঞ্চে নিঃশেষ কৰিছে। ভাবিলে আচৰিত লাগে যে এতিয়া বোলে পশ্চিমবংগৰ মুড়িৰ বজাৰখনকো আমেৰিকান মুড়িয়ে চানি ধৰিছে। চুপাৰীৰ বজাৰো আমাৰ নিয়ন্ত্ৰণত নাই। বৰ বৰ ব্যৱসায়ৰ কথা নক'লোৱেইবা। বৰ বৰ তত্ত্বৰ কিতাপ নপঢ়া বা কোনো বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাৰ ডিগ্ৰী নথকা এই সাধাৰণ ব্যক্তিগৰাকীৰ ব্যাখ্যা শুনি মই তন্ময় হৈ পৰিছিলোঁ। বিশ্বায়নৰ ইয়াতকৈ সহজ আৰু মনোগ্ৰাহী ব্যাখ্যা বাৰু কি হ'ব পাৰে । উন্নয়ন সকলোৰে কাম্য। কিন্তু এনে উন্নয়নে যদি আমাৰ দেশীয় ভিত্তিটোকে নিচিহ্ন কৰে আৰু দেশখনৰ বৃহৎসংখ্যক মানুহৰ বাবে এক ভয়াৱহ সংকট মাতি আনে তেন্তে তেনে উন্নয়নক আমি স্বাগতম জনামনে? অৱশ্যে বিশ্ব ব্যৱস্থাত এতিয়া মার্কিন মুলুকৰ যি প্ৰচণ্ড শক্তি সেই শক্তিক প্রতিহত কৰিবৰ জোখাৰেও আমাৰ বল-বিক্ৰম নাই। কিন্তু দেশৰ ব্যাপক জনগণক আস্থাত লৈ আগবাঢ়িলে কিছুদূৰলৈকে এই বৃহৎ শক্তিৰ লগত আমি
পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/৯
অৱয়ব