বিশ্বায়ন / ৫ তথ্যৰ ক্ষেত্ৰতে আমি বাৰু সেইবোৰ তথ্যৰ সম্ভেদ পাওঁনে, যিবোৰ তথ্য উন্নত ৰাষ্ট্ৰসমূহে তেওঁলোকৰ দেশৰ বাহিৰলৈ উলিয়াব দিব নিবিচাৰে ? আমাৰ বহুতৰে বাবে সপোনপুৰী যেন লগা মার্কিন মুলুকত প্ৰতিটো পলত কেইগৰাকী মহিলা ধৰ্ষিতা হৈছে বা কেইজন ব্যক্তিয়ে মগজুৰ ভাৰসাম্য ঠিকে ৰাখিবলৈ নিয়মিত দৰৱ খাব লগা হৈছে অথবা কিমান ব্যক্তিয়ে তাত জেলৰ ভাত খাইছে সেই খবৰ আমি গম নাপাওঁ । আনকি তেওঁলোকে নিজৰ প্ৰয়োজনীয়তাৰ বাবেই এনে ভুল তথ্যও জগত জুৰি বিয়পাই দিয়ে যে আমি তাত পতিয়ন যাওঁ। বিশ্বই যেতিয়া আচল তথ্যটোৰ সম্ভেদ পায়গৈ তেতিয়ালৈকে ইতিমধ্যে প্ৰচাৰ কৰা ভুল তথ্যটোৰ ভিত্তিতে তেওঁলোকে সকলো সুবিধা আদায় কৰি লয়। শুদ্ধ তথ্যটো ওলাই অহাৰ পিছত আৰু কৰিবলৈ একো নাথাকেগৈ। উদাহৰণ স্বৰূপে ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে পাৰমাণৱিক অস্ত্র মজুত ৰখা বুলি প্ৰচাৰ কৰা তথ্যটোৰ কথাকে ক'ব পাৰি। সমগ্র বিশ্বক মার্কিন শাসকসকলে এনেদৰেই পতিয়ন নিয়াইছিল যে ছাদ্দাম হুছেইন সমগ্ৰ বিশ্বৰ বাবেই এক সন্ত্ৰাস আৰু তেওঁ মজুত কৰি ৰখা পাৰমাণৱিক শক্তিয়ে গোটেই বিশ্বৰ বাবে ধ্বংস মাতি আনিব । এই অজুহাততে কেৱল তেওঁক হত্যা কৰাই নহয়, এখন ঐতিহ্যমণ্ডিত ৰাষ্ট্ৰক সমূলি ধূলিসাৎ কৰা হ'ল। কিন্তু পৰিশেষত এই তথ্য সন্মুখলৈ আহিল যে ছাদ্দাম হুছেইনে কোনোধৰণৰ পাৰমাণৱিক অস্ত্র মজুত ৰখা নাছিল। কিন্তু ইতিমধ্যেই তেল পিপাসু আমেৰিকাই সমগ্ৰ বিশ্বক ফাকি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰিলেই। এতিয়া বিশ্ববাসীয়ে সত্য তথ্যৰ উমান পালে যদিও এনে অপকৰ্মৰ বাবে আমেৰিকাক নাকি লগাবনো কোনে ? এই যে তথ্যক নিজৰ মতে, নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা শক্তিক অৱদমনৰ বাবে ব্যৱহাৰ কৰা; অৰ্থক দুৰ্বলসকলৰ কল্যাণৰ পৰিৱৰ্তে নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা আৰু সমস্ত গণতান্ত্ৰিক ব্যৱস্থাক উৎখাত কৰি গোটেই পৃথিৱীক নিজৰ একচেতিয়া উপনিৱেশ হিচাপে গণ্য কৰাৰ যি
পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/৬
অৱয়ব