২৮ । বিশ্বায়ন সাহিত্যৰ গতি কি হয় সেয়া পিছৰ কথা, জীৱনৰেই কোনো অর্থ বা অস্তিত্ব থাকিব নে নাথাকে সিও সন্দেহৰ বিষয়। তেনেহ'লে জীৱনটোক অর্থৱহ কৰি তোলাৰ বাবে মানুহৰ যি যুগান্তৰৰ সংগ্ৰাম সিও নিষ্প্রভ আৰু মূল্যহীন হৈ পৰিবলৈ বাধ্য । এনে হোৱাটোৱেই বিশ্বায়ন ব্যৱস্থাই বিচাৰে। এইব্যৱস্থাই যিদৰে উন্নয়নৰ তত্ত্ব সন্মুখত ৰাখি জাতীয় অর্থনীতিক কোঙা কৰি পেলাইছে, ঠিক একেদৰে নতুন নতুন সাহিত্য তত্ত্বৰ সৃষ্টি কৰি সাহিত্যৰ মাজেৰে প্ৰৱাহিত হোৱা জীৱন সংগ্ৰামৰ অৰ্থকো মোহাৰি পেলাব বিচাৰিছে। সেয়েহে এই ব্যৱস্থা এক সর্বাত্মক সর্বগ্রাসী ব্যৱস্থা। সাহিত্যৰ সমান্তৰালভাৱে সংস্কৃতিৰ জগততো আৰম্ভ হৈছে একেই অৰাজকতা। কাৰণ সংস্কৃতি কোনো ভাৱ বা বস্তু নহয়। ই একোটা জাতিৰ লগত জড়িত সকলো সম্পদকে সামৰি লয়। জীৱনটোক মহীয়ান কৰিবলৈ বা সমাজখনক আগুৱাই নিবলৈ সৰ্বাত্মক আৰু সক্ৰিয় অংশ গ্ৰহণৰ মাজেৰে মানুহে বহুবোৰ সম্পদৰ সৃষ্টি কৰে। তাৰে সমাজৰ কল্যাণ আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সম্পদবোৰক লগত লৈ মানুহৰ জীৱন আগবাঢ়ে। জীৱনৰ এই দিশটোৰ পৰা আঁতৰাই আনি সংস্কৃতিক কেৱল আনন্দ বিনোদনৰ আহিলা হিচাপে গঢ়ি তুলিবলৈ বৃহৎ পুঁজিয়ে নিৰন্তৰ চেষ্টা চলাইছে। বিশ্বায়নৰ হাত ধৰি অহা প্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণে মানুহৰ জীৱনলৈ কেতবোৰ অভাৱনীয় সমল, সম্ভাৱনা আৰু সংকট কঢ়িয়াই আনিছে। জীৱন আৰু জগতৰ প্ৰয়োজনীয়তা অনুসৰিয়েই মানুহে নতুন নতুন উদ্ভাৱনাৰে এক ক্ষিপ্র গতিশীল জীৱনশৈলী গঢ়ি তুলিছে। এনে সময়তে এই সকলো দ্রুত প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰি মানুহৰ সাধাৰণ সংস্কৃতিক অতি ভোগবাদী কৰি গঢ়ি তোলাৰ এক দুর্দমনীয় প্ৰচেষ্টা চলিছে। এনেবোৰ ব্যৱস্থা চলিছে বৃহৎ পুঁজিৰ সপক্ষে এখন তীব্র ব্যক্তিকেন্দ্ৰিক বজাৰমুখী জগত সৃষ্টি কৰাৰ লক্ষ্যৰে। যিহেতু এই ব্যৱস্থা অতি ক্ষিপ্র, বহুখিনি আনন্দদায়ক আৰু ৰোমাঞ্চকৰ, গতিকে স্বাভাৱিকতে
পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/২৯
অৱয়ব