বহুজনক প্ৰভাৱিতও কৰিছে । বিশ্বায়ন / ২৭ হাজাৰ বছৰ ধৰি মানৱ সমাজে যি ঐতিহ্য, পৰম্পৰা বা মূল্যবোধক বহন কৰি আহিছিল, তাৰ প্ৰভাৱত সাহিত্য মানৱ জীৱনৰ এক মহত্ত্বম সম্পদ হিচাপে গঢ় লৈ উঠিছিল। সেই সকলো মূল্যবোধ এই নবীন তাত্ত্বিকসকলে অর্থহীন বুলি প্ৰমাণ কৰাৰ চেষ্টা চলাইছে। সাহিত্য আলোচনাক অনুকৰণধর্মী বা নান্দনিক বিশ্লেষণৰ আওতাৰ পৰা মুক্ত কৰিবলৈ গৈ তেওঁলোকে কৈছে যে গ্ৰন্থকাৰৰ দৰ্শন, মনস্তত্ত্ব, ৰুচিবোধ, পাৰিপাৰ্শ্বিকতা কিম্বা ইতিহাস আদিৰ পৰিসীমাৰ মাজত সাহিত্য কৰ্মৰ (text) অৰ্থ সীমিত কৰাৰ পৰিৱৰ্তে ইয়াক মুক্ত বিচৰণৰ সুযোগ দিয়া উচিত। অৰ্থাৎ মানুহৰ যুগান্তৰৰ অভিজ্ঞতাৰ ভিত্তিত গঢ় লৈ উঠা সমস্ত মানৱীয় ধাৰণা বৰ্জন কৰি ‘উক্তি’ৰ অন্তৰালত থকা অৰ্থৰ অন্তহীন খেলাৰ মাজত ডুবি থকাই হ'ল এওঁলোকৰ তত্ত্বৰ মূল কথা । সাহিত্যৰ মাজত সাহিত্যিকৰ জীৱন, সাহিত্যৰ উদ্দেশ্য, ইয়াৰ নান্দনিকতা আদিক লৈ আমাৰ দেশৰ মাটিতো অজস্র আলাপ-আলোচনা হৈছে। কিন্তু কোনেও সাহিত্যিক জীৱনবিহীন শব্দৰ খেলা বুলি ভবা নাই । শব্দৰ মাজত কেৱল অন্তহীন অৰ্থৰ সন্ধান কৰাসকলেও এই কথা বুজা উচিত যে জীৱন নিজেও এক অন্তহীন অৰ্থৰ সমষ্টি। আমি মাত্ৰ ব্যক্তিৰ ব্যৱহাৰিক জীৱনকহে প্ৰত্যক্ষ কৰোঁ। কিন্তু মানুহৰ পাৰিপাৰ্শ্বিকতা, সামাজিক অৱস্থা, সংস্কাৰ, মূল্যবোধ লৈয়েই গঢ় লৈ উঠে জীৱনৰ বিচিত্ৰ ৰূপ । জীৱনৰ অন্তঃপুৰত এই বিচিত্ৰতা থাকে। অনেক সময়ত সাহিত্যৰ মাজেদি জীৱনৰ এই অদেখা বিচিত্ৰ ৰূপবোৰেই নিত্য-নতুন ৰূপ লৈ আত্মপ্ৰকাশ কৰে। জীৱনৰ এক ব্যাপ্তি আছে বাবেইতো সাহিত্যৰ পাঠত থকা পোনপটীয়া অৰ্থটোৰ সীমাৰ বাহিৰতো আমি অনেক অৰ্থৰ সন্ধান পাওঁ। এই সকলোবোৰ কথা বাদ দিলে এক অন্তঃসাৰশূন্য পৰিৱেশ আৰু নৈৰাজ্যবাদী প্ৰৱণতাই গা কৰি উঠাটোৱেই অতি স্বাভাৱিক। এনে অৱস্থাৰ মাজত
পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/২৮
অৱয়ব