সমললৈ যাওক

পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ্বায়ন | ২৩ মাটিৰ পট্টা, ভূমিৰ ওপৰত অধিকাৰ আদি দাবী কৰি ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এনে পৰিস্থিতিত বৃহৎ পুঁজিক সন্তুষ্ট কৰিবলৈ বা তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰে চূড়ান্ত দমনমূলক নীতি গ্ৰহণ কৰিছে। সকলো গণতান্ত্রিক মূল্যবোধ ভৰিৰে মোহাৰি পেলাইছে আৰু দেশৰ সাৰ্বভৌমত্বকো প্ৰত্যাহ্বানৰ মুখামুখি কৰিছে। এই গোটেই অৱক্ষয়ে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে বিশ্বায়নৰ হাতে হাত ধৰি অহা নতুন অর্থনৈতিক নীতিয়ে দেশৰ অগণন ৰাইজৰ ভৱিষ্যতক সুৰক্ষিত কৰিব নোখোজে। (চাৰি) বিশ্বায়নৰ ফলস্বৰূপে অস্বাভাৱিকভাৱে হোৱা মূল্যবৃদ্ধি ৰোধ কৰাত শোচনীয়ভাৱে ব্যর্থ ইউ পি এ চৰকাৰে ইয়াক এক আন্তৰ্জাতিক বিষয় হিচাপে প্ৰচাৰ কৰি নিজৰ ল'ব লগা ভূমিকাৰ পৰা পুলুকা মাৰিব বিচাৰিছে। চৰকাৰী পক্ষই সৰ্বসাধাৰণ নাগৰিকৰ স্বাৰ্থৰ প্ৰতি পিঠি দি মুনাফাখোৰ মুষ্টিমেয় লোকৰ স্বাৰ্থত নিয়ম-নীতিসমূহ ৰূপায়ণ কৰি গৈছে। মূল্যবৃদ্ধি আজি ইমানেই ডাঙৰ বোজাত পৰিণত হৈছে যে ই কোটি কোটি সৰ্বসাধাৰণ ভাৰতীয়ৰ স্বাভাৱিক জীৱনযাত্ৰা কাঢ়ি নিছে। 'আম আদমী'য়ে আজি মূল্যবৃদ্ধিৰ অসহনীয় বোজাৰ ভৰত কেঁকাব লাগিছে। সেইবাবেই হয়তো লোকসভাৰ মজিয়াত মূল্যবৃদ্ধি আৰু মুদ্রাস্ফীতি প্রসংগত হোৱা বিতর্কত ভাগ লোৱা বিৰোধীপক্ষৰ সাংসদসকলেই নহয়, শাসক ইউ পি এৰ অংশীদাৰ দলৰ সাংসদসকলেও মুদ্রাস্ফীতি আৰু মূল্যবৃদ্ধিৰ ক্ষেত্ৰত একো পদক্ষেপ নোলোৱাৰ বাবে চৰকাৰক জগৰীয়া কৰিছে। শাসক মৰ্চাৰ এজন সাংসদে ইয়াকো স্পষ্ট কৰি দিছে যে চৰকাৰে মধ্যভোগী ব্যৱস্থা উচ্ছেদ নকৰাৰ বাবে মূল্যবৃদ্ধিৰ প্রকোপ তীব্রগতিত বৃদ্ধি পাইছে। বয়বস্তুৰ অস্বাভাৱিক হাৰত দাম বাঢ়িছে, তাৰ পৰা প্ৰকৃত উৎপাদকসকল কোনোকালেই উপকৃত হোৱা নাই— মুনাফা গৈছে মধ্যভোগীৰ হাতলৈ। আমাৰ দেশত এই মধ্যভোগী