সমললৈ যাওক

পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮/ বিশ্বায়ন দিছে। সেয়েহে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰ ব্যৱস্থাই গ্ৰহণ কৰা উন্নয়নৰ আঁচনি জন পাৰ্কিলে কোৱাৰ দৰে মাৰ্কিন শক্তিক সন্তুষ্ট কৰাৰ আঁচনি। এই নতুন অৰ্থনীতিয়ে বৃহৎ কোম্পানীৰ ওচৰত নতি স্বীকাৰ কৰিছে আৰু তাৰ মাজেৰে আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ ওচৰত নিজৰ সাৰ্বভৌমত্বও সপি দিবলৈ আগবাঢ়িছে। (তিনি) দেশৰ কমিছনভোগী শাসক চক্রই মাথো পুঁজিবাদৰ নেজত ধৰি কমিছন লাভ কৰাৰ স্বাৰ্থতে দৰিদ্ৰ জনসাধাৰণৰ স্বাৰ্থক পুঁজিবাদীৰ বলিশাললৈ আগবঢ়াই দিছে। ভাৰতৰ দৰে দৰিদ্ৰ কৃষি প্রধান দেশত বিশ্বায়নৰ নীতিৰ ফলত ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত চাৰিখন ৰাজ্যত (অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা আৰু মহাৰাষ্ট্ৰ) ৮৯০০ কৃষকে আত্মহত্যা কৰিছে। ২০০০ চনত ভাৰত চৰকাৰৰ দ্বাৰা ঘোষিত কৃষি নীতিত কোৱা হৈছে যে কৃষি এই দেশত এতিয়া অলাভজনক জীৱিকা হৈ উঠিছে। চৰকাৰী তথ্য অনুযায়ী কৃষিৰ লগত যুক্ত ৭৫ শতাংশ মানুহে কৃষিক লাভজনক বুলি বিবেচনা নকৰে আৰু ৪০ শতাংশই এই বৃত্তি এৰি দিব খোজে। ইয়াৰ কাৰণ হিচাপে বিভিন্ন যুক্তি দাঙি ধৰা হয় যদিও কৃষিক্ষেত্ৰত যে চৰকাৰে বিনিয়োগৰ পৰিমাণ ক্ৰমশঃ কমাই আনিছে সেই কথা প্ৰচাৰ কৰা নহয় । ১৯৮০-৮১ চনত মুঠ জাতীয় মূলধনৰ ১৫.৪ শতাংশ কৃষিক্ষেত্ৰত ব্যয় হৈছিল আৰু তাৰে ১৭.৭ শতাংশ আছিল চৰকাৰী আৰু ১৩.৬ শতাংশ আছিল বেচৰকাৰী। ২০০১ চনলৈ সেই পৰিমাণ নামি আহি যথাক্রমে ৪.৯ আৰু ৮.২ শতাংশ পালেহি । বিশ্বায়নৰ নীতিয়ে ভাৰতৰ দৰে দেশক কেনেকৈ সংকটৰ গৰাহলৈ ঠেলি দিছে তাৰ উৎকৃষ্ট প্রমাণ পোৱা গ'ল আমাৰ কৃষিখণ্ডত দেখা দিয়া সংকটৰ মাজেৰে। কৃষিৰ আধুনিকীকৰণৰে বজাৰমুখী শস্যৰ উৎপাদনৰ ওপৰত গুৰুত্ব দিলে সঁচা, কিন্তু ইয়াৰ ফলত উৎপাদনত প্ৰত্যক্ষভাৱে জড়িত তৃণমূল পৰ্যায়ৰ কৃষকসকল অভাৱনীয়ভাৱে ঋণগ্ৰস্ত হৈ পৰিল।