১৬/ বিশ্বায়ন - নিচ্ছিহ্ন কৰি পেলোৱা হৈছে। দাঁণ্ট্ৰেৱাৰা অঞ্চলত তিনি লাখ আদিবাসীক উচ্ছেদ কৰা হৈছে, মহিলাসকলক ধৰ্ষণ কৰা হৈছে আৰু বহু যুৱকক পংগু কৰি দিয়া হৈছে। অথচ তেওঁলোকে জানে যে এক টন লোহাৰ বিনিময়ত এই দেশখনে ৰয়েলিটি পায় মাত্র ৫০ টকা। সেই লোহা জাপানে কিনে ৪০০ টকাত আৰু ভাৰতৰ বজাৰত সেই লোহা বিক্রী হয় ৫৮০০ টকাত। অথচ দেশৰ কোনো ক্ষুদ্ৰ শিল্পপতিক এনে কামৰ বাবে উৎসাহিত কৰা নহয়৷ কিন্তু তেওঁলোকে দেশক এক টন লোহাৰ বিনিময়ত ৫০০ টকা দিবলৈও ৰাজী। দেশৰ প্ৰথম প্ৰধানমন্ত্রী নেহৰুৱে মৃত্যুৰ কিছুদিন আগত (২২ ছেপ্টেম্বৰ, ১৯৬৩) থলুৱা শিল্পৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি লিখিছিল – ভাৰতৰ ৫ লাখ ৫০ হাজাৰ গাঁও আৰু তাত বসবাসকাৰী মানুহৰ সমস্যাক লৈ মোৰ মনত যথেষ্ট উদ্বিগ্নতা আছিল......। আমি যদি মাত্ৰ উৎপাদনৰ কথা ভাবোঁ, তেনেহ'লে ভাৰতবৰ্ষত কৃষিৰ তুলনাত সঁচাকৈয়ে শিল্প কাৰখানা সিমান গুৰুত্বপূৰ্ণ নহয়। গান্ধীজীয়ে যি কৈছিল সেয়া মূলতঃ সঠিক আছিল। তেওঁ সকলো সময়তে ভাৰতৰ গাঁও আৰু তাত বাসকৰা পিছপৰা মানুহৰ কথা ভাবিছিল। তেওঁৰ 'চড়খা' কেৱল এটা সুতা কটাৰ যন্ত্ৰ নাছিল, সেয়া আছিল এটা প্রতীক। তেওঁ গ্রামীণ শিল্পৰ ওপৰত গুৰুত্ব দিছিল। যিটো আধুনিক মানসিকতাৰ বাবে গ্ৰহণযোগ্য নাছিল৷ মানুহে ভাবিছিল তেওঁ যন্ত্ৰৰ বিৰোধী আছিল। মই ভাবোঁ তেওঁ যন্ত্ৰৰ বিৰোধী নাছিল। কিন্তু আমাৰ ব্যাপক মানুহৰ স্বাচ্ছ্যন্দৰ প্ৰেক্ষাপট বাদ দি তেওঁ যন্ত্ৰৰ কথা ভাবিব পৰা নাছিল। তেওঁ কুটীৰ শিল্পৰ কথা ভাবিছিল কাৰণ কুটিৰ শিল্প মানুহৰ তাৎক্ষণিক উপকাৰত লাগিছিল। অকল যে নিয়োগ সৃষ্টি কৰিছিল এনে নহয়, উৎপাদনো বঢ়াইছিল।' এতিয়া গান্ধীৰ মতাদৰ্শত বিশ্বাসী এই দেশখনে এই সকলোবোৰ নীতি জলাঞ্জলি দি কেৱল বৃহৎ পুঁজিৰ স্বাৰ্থপূৰণৰ বাবে উঠিপৰি লাগিছে। উন্নয়নৰ এই নতুন আঁচনিয়ে বহুজাতিক কোম্পানীৰ স্বাৰ্থপূৰণৰ খাটিতেই
পৃষ্ঠা:বিশ্বায়ন। ড° দিলীপ বৰাৰ গ্ৰন্থ.pdf/১৭
অৱয়ব