এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু ৪৭
⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺
কৰি গ’ল মষিমূৰ এফালৰ পৰা
তুৰ্ব্বকৰ শিৰচ্ছেদ কৰিলে কনচেঙে।
পলাল পাঠান সেনা উভতি নাচাই।
কনচেঙ বৰপাত্ৰ অসমৰ পৰা
খেদাই শত্ৰুৰ দল, নতু বন্দী কৰি,
নিৰ্ম্মিলে বিজয়-স্তম্ভ মানাহ-তীৰত;
মূলাৰ প্ৰতিজ্ঞা ৰক্ষা হ’ল মৰণত।
হে মূলা গাভৰু, তুমি সতী বীৰাঙ্গণা
অসম মাতৃৰ অতি স্নেহৰ জীয়াৰী।
বহুদিন পাৰ হ’ল কালৰ সোঁতত,
তথাপি অমৰ তুমি, অদ্যাপি জীৱিত;
চিৰ দিন থাকি যাবা অজৰ অমৰ,
বুৰঞ্জীত অসমৰ নাম উজ্বলাই।
হে গাভৰু, দেখুৱালা সমৰ-ক্ষেত্ৰত
কিদৰে নাৰীয়ে এৰে নিজৰ জীৱন,
স্বামীৰ কাৰণে যুঁজি ৰণ চণ্ডী হ’ই।
দেখুৱালা অন্তৰত জাগিলে প্ৰেৰণা
অবলাৰো সাহ-বল উঠে মূৰ্ত্ত হ’ই।
নামানে একোতে বাধা, নগণে বিপদ
যাবৎ নহয় সিদ্ধি অভীষ্ট নিজৰ