পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মূলা গাভৰু ৪৭

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

কৰি গ’ল মষিমূৰ এফালৰ পৰা
তুৰ্ব্বকৰ শিৰচ্ছেদ কৰিলে কনচেঙে।
পলাল পাঠান সেনা উভতি নাচাই ।
কনচেঙ বৰপাত্ৰ অসমৰ পৰা
খেদাই শত্ৰুৰ দল, নতু বন্দী কৰি,
নিৰ্ম্মিলে বিজয়-স্তম্ভ মানাহ-তীৰত ;
মূলাৰ প্রতিজ্ঞা ৰক্ষা হ’ল মৰণত।
হে মূলা গাভৰু, তুমি সতী বীৰাঙ্গণা
অসম মাতৃৰ অতি স্নেহৰ জীয়াৰী ।
বহুদিন পাৰ হ’ল কালৰ সোঁতত,
তথাপি অমৰ তুমি, অদ্যাপি জীৱিত;
চিৰ দিন থাকি যাবা অজৰ অমৰ,
বুৰঞ্জীত অসমৰ নাম উজ্বলাই।
 হে গাভৰু, দেখুৱালা সমৰ-ক্ষেত্ৰত
কিদৰে নাৰীয়ে এৰে নিজৰ জীৱন,
স্বামীৰ কাৰণে যুঁজি ৰণ চণ্ডী হ’ই ।
দেখুৱলা অন্তৰত জাগিলে প্ৰেৰণা
অবলাৰো সাহ-বল উঠে মূৰ্ত্ত হ’ই।
নামানে একোতে বাধা, নগণে বিপদ
যাবৎ নহয় সিদ্ধি অভীষ্ট নিজৰ