এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬ বীৰ-নাৰী
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
ভোটিলে শক্ৰক গই কলিয়াবৰত।
লাগিল পুনৰ যুদ্ধ অতি ভয়ঙ্কৰ।
আহতৰ আৰ্ত্তনাদ, সেনাৰ চীৎকাৰ,
অস্ত্ৰৰ সংঘৰ্ষ গুৰু হিলে গৰ্জ্জন,
সকলোটি লগ লাগি লঙ্ঘিলে আকাশ।
নকঁপিল তথাপিও মূলা বীৰ-জায়া,
স্বামীৰ স্মৃতিয়ে শক্তি দুগুণে বঢ়ালে;
অবলাৰ দুৰ্ব্বলতা জোকাৰি পেলাই
শত্ৰুৰ মাজত পশি কৰিলে সংহাৰ
অগণন শত্ৰু-সেনা ৰণ-চণ্ডী ৰূপে।
কিন্তু হায়! নোৱাৰিলে ব্যূহ ভেদ কৰি
ওলাই আহিব পুনু অলেখ শত্ৰুৰ।
দেখুৱাই বল-বীৰ্য্য অসম নাৰীৰ,
বোৱাই তেজৰ ন’ই শত্ৰু-শোণিতেৰে
সমৰ ক্ষেত্ৰত ল’লে অন্তিম শয়ন।
এৰিলে পাৰ্থিব দেহা মূলা-গাভৰুৱে।
কিন্তু যি প্ৰেৰণা দিলে হিয়াত জগাই
অসমৰ সৈনিকৰ মূলাৰ মৰণে,
সেয়েই দুগুণে শক্তি বঢ়ালে বাহুৰ ৷
আক্ৰমি বিপক্ষ দল দুগুণ উৎসাহে