পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সতী জয়মতী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

দিবলৈ উগ্র শাস্তি জয়াক ৰজাই,
যাবৎ নিদিয়ে তেওঁ পতিৰ সন্ধান
 ৰজাৰ আদেশ শুনি চাওদাংহঁতে
জয়াক বলেৰে নিলে শাস্তি দিবল’ই
জেৰেঙাৰ পথাৰত, নিৰ্ম্মম হাতেৰে।
আমৰলি, চোৰত মেলি, চমটা লগাই,
তপত লােহাৰে দাগি সতীৰ দেহত
যিমান পাৰিলে দিলে যমৰ যাতনা ।
ব’ই গল দর্শকৰ চকু-লােৰ ধাৰ ;
তথাপিও ৰ’ল জয়া অচল অটল ।
নােলাল চকু-লে, নাই কৰুণ বিননি,
নােলাল মুখৰ পৰা গদাৰ সন্ধান।
ভাগৰিল নৰঘাতী পাষণ্ডৰ দল ;
ব্যর্থ হ’ল চুলিকফাৰ দণ্ড শাসনৰ।
লভিলে জয়াই জয় শেষ শয়নত,
চূর্ণ কৰি পশু-বল মনৰ বলেৰে ।
থ’ই গ’ল স্মৃতি তাৰ জোৰেঙা-বুকুত,
ৰ’ই গ’ল অনুপম আদর্শ সতীৰ।
 নাই আজি জয়মতী মানবী ৰূপত
কৰিছে হৰিষ কিন্তু আকাশে-বতাহে
দেবী ৰূপে অসমৰ জুৰি গাওঁ-ভূঁই।
শ্মশান জেৰেঙা আজি তীর্থ অসমৰ,