সমললৈ যাওক

পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪০  বীৰ-নাৰী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

তেতিয়াই নগা বেশ কৰি পৰিধান
গুচি গ’ল এৰি এই, হুমুনিয়া কাঢ়ি,
চেনেহৰ জন্মভূমি, সোণৰ সংসাৰ।
 অলপ পিচত আহি ৰজাৰ সৈনিক
সোমাল গদাৰ ঘৰ গদাক বিচাৰি।
বিচাৰি বিচাৰি ক’তো নাপাই গদাক
জয়াক আনিলে ধৰি শৃঙ্খলিত কৰি।
পালে যেবে গদাপাণি পলোৱা সংবাদ,
ল’ৰা ৰজা হ’ল ঠিক উন্মাদৰ দৰে;
পঠিয়ালে চউদিশে সশস্ত্ৰ সৈনিক
গদাক ধৰিব কিম্বা বধিবৰ হেতু।
 সম্মুখত থিয় কৰি ইফালে জয়াক
বিচাৰিলে চুলিক্ ফাই গদাৰ সন্ধান।
জয়মতী চিত্ৰবৎ ৰ’ল নিৰুত্তৰ।
অনুৰোধ, উপৰোধ, আদেশ ৰজাৰ,
তৰ্জ্জন-গৰ্জ্জন, ভীতি নিৰ্ম্মম দণ্ডৰ,
একোৱেই নোৱাৰিলে টলাব জয়াক;
নোৱাৰিলে উলিয়াব এটিও উত্তৰ।
 নাৰীৰ হাতত পাই এনে অপমান
হেৰাল ৰজাৰ জ্ঞান, মগজু ঘূৰিল ,
ৰাজনীতি, ধৰ্ম্মনীতি, সকলো পাহৰি,
সমৰ্পিলে তেতিয়াই চাওদাং মাতি