পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সতী জয়মতী ৩৯

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

কাৰ আছে মৰসাহ কাষ চাপিবৰ
ব্যর্থ কৰি ঘাতকৰ গুপ্ত অভিযান।
ৰ’ই গ’ল গদাপাণি অক্ষত-শৰীৰে।
শুনি বার্ত্তা চুলিক্ ফাই গণিলে প্রমাদ ;
প্রকাশ্যে পঠালে সেনা ধৰিবৰ বাবে।
গদাপাণি কোৱঁৰক ৰাজদ্রোহী বুলি৷
 বিপদ-সঙ্কেত পাই আগতে জয়াই
চাপিল গদাৰ কাষ, ক’লে হাত যুৰি
কৰে যাতে আত্ম-ৰক্ষা আত্ম-গােপনেৰে৷
নির্ভীক বীৰৰ কিন্তু নকঁপিল প্রাণ ;
ক’লে,—“জয়া, কাপুৰুষ কদাপি নহওঁ,
পলাই কদাপি মই নাৰাখোঁ জীৱন।”
শত্ৰুৰে যুঁজিম বুলি ল’লে হেংদান।
অৱস্থা বিষম দেখি বুজালে জয়াই --
ৰজাৰ সেনাৰে যুঁজি এৰিলে জীৱন,—
অৰাজক ৰাজ্য কেনে কৰিব উদ্ধার!
আহােম-গৌৰৱ কোনে আনিব ঘূৰাই।
জয়াই বুজালে বহু, কৰিলে কাকূতি
চকু-লো বােৱাই নিজ স্বামী-চৰণত ;
কুমলিল ধীৰে ধীৰে বজ্ৰময় হিয়া
গদাপাণি কোৱঁৰৰ জয়াৰ কথাত,
মান্তি হ’ল যাবলই ছদ্ম-বেশ ধৰি ।