এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সতী জয়মতী ৩৯
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
কাৰ আছে মৰসাহ কাষ চাপিবৰ
ব্যৰ্থ কৰি ঘাতকৰ গুপ্ত অভিযান।
ৰ’ই গ’ল গদাপাণি অক্ষত-শৰীৰে।
শুনি বাৰ্ত্তা চুলিক্ ফাই গণিলে প্ৰমাদ;
প্ৰকাশ্যে পঠালে সেনা ধৰিবৰ বাবে।
গদাপাণি কোৱঁৰক ৰাজদ্ৰোহী বুলি৷
বিপদ-সঙ্কেত পাই আগতে জয়াই
চাপিল গদাৰ কাষ, ক’লে হাত যুৰি
কৰে যাতে আত্ম-ৰক্ষা আত্ম-গোপনেৰে৷
নিৰ্ভীক বীৰৰ কিন্তু নকঁপিল প্ৰাণ;
ক’লে,—“জয়া, কাপুৰুষ কদাপি নহওঁ,
পলাই কদাপি মই নাৰাখোঁ জীৱন।”
শত্ৰুৰে যুঁজিম বুলি ল’লে হেংদান।
অৱস্থা বিষম দেখি বুজালে জয়াই —
ৰজাৰ সেনাৰে যুঁজি এৰিলে জীৱন,—
অৰাজক ৰাজ্য কোনে কৰিব উদ্ধাৰ!
আহোম-গৌৰৱ কোনে আনিব ঘূৰাই।
জয়াই বুজালে বহু, কৰিলে কাকূতি
চকু-লো বোৱাই নিজ স্বামী-চৰণত;
কুমলিল ধীৰে ধীৰে বজ্ৰময় হিয়া
গদাপাণি কোৱঁৰৰ জয়াৰ কথাত,
মান্তি হ’ল যাবলই ছদ্ম-বেশ ধৰি।