পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভিক্ষুক

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

বৰষুণে আহি
দিয়ে তাকে নুমুৱাই ।
ভিক্ষুক উপায়হীন,
কঁপি কঁপি নিশাটো কটায়।
তাৰ যে. এয়েই ভাগ্য!
সি যে ভিক্ষুক!
 সচা সি ভিক্ষুক
তাৰ নিজৰ দোষত ;
ৰোগী তাৰ নিজৰ ভুলত।
সি যেন অধম পশু,
পােৱা নাই নিজে মনুষ্যত্বৰ আভাস।
কিন্তু তাৰ প্রতি সমাজৰ
নাই নে দায়িত্ব ?
সিও তাে মানুহ!
মানুহৰ দৰে তাক ৰাখিবৰ বাবে
কৰিছিল জানাে
ভুলতো সমাজে কিবা
নাপালে সি জ্ঞানৰ আলােক
নুবুজিলে জীৱনৰ মােল ;
কুৎসিত সংস্কাৰ লই,
অন্ধ বিশ্বাসত
সদাচাৰ, সজনীতি একোকে ন’লই