এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২ বিপ্লবী
⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺
ৰুটি, মাংস, নিপানী গাখীৰ।
সিও চাপে,
কি জানিবা সিও ভাগ পায়!
কিন্তু
লগুৱাৰ গঁতা খাই
ঘূৰে হতাশাত।
ভাবে মনে মনে
কুকুৰতকৈও তাৰ
অধম জীৱন।
কেতিয়াবা ভোজ হয় ধনীৰ ঘৰত
সমাগম হয় বহু বন্ধু-বান্ধৱৰ,
কোনোৱে লগাই মাত
গুচি যাব খোজে।
কিন্তু ধনীয়ে নিদিয়ে এৰি,
খাব’ই লাগিব;
নোৱাৰে যদিও খাব
দিয়ে 'প্লেট' ভৰি।
বেচি ভাগ পাততেই ৰয়;
মিছাতে পেলনি যায়।
কিন্তু সেই ধনীয়েই
খুজিলে এমুঠি ভাত
কৰি দিয়ে ভিক্ষুকক