পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১২ বিপ্লবী

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

ৰুটি, মাংস, নিপানী গাখীৰ।
সিও চাগে,
কি জানিবা সিও ভাগ পায় !
লগুৱাৰ গঁতা খাই
ঘূৰে হতাশাত।
ভাবে মনে মনে
কুকুৰতকৈও তাৰ
অধম জীৱন।
 কেতিয়াবা ভােজ হয় ধনীৰ ঘৰত
সমাগম হয় বহু বন্ধু-বান্ধৱৰ,
কোনােৱে লগাই মাত
গুচি যাব খােজে।
কিন্তু ধনীয়ে নিদিয়ে এৰি,
খাব’ই লাগিব ;
নােৱাৰে যদিও খাব
দিয়ে প্লেট ভৰি।
বেচি ভাগ পাততেই ৰয় ;
মিছাতে পেলনি যায়।
কিন্তু সেই ধনীয়েই
খুজিলে এমুঠি ভাত
কৰি দিয়ে ভিক্ষুকক