এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভিক্ষুক
⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻
কোনেও তো নিদিলে বুজাই!
বেমাৰে ল’লেহি বাহ,
শকতি হেৰাল;
মালিকেও দিলে উলিয়াই।
তেতিয়াৰে পৰা তাৰ
ঘৰ-বাৰী নাই ,
থাকে পৰি গছৰ তলত।
লাখুটিত ভৰ কৰি
মাগি ফুৰে
দুৱাৰে দুৱাৰে
দুৰ্ব্বহ জীৱনটোক ৰাখিবৰ বাবে।
যেনে তেনে
থাকিব তো লাগিব জীয়াই!
কোনোৱে কেটেৰা মাৰি দিয়ে দূৰ কৰি,
কোনোবাই দিয়ে
এমুঠি চাউল,
এটি পইচা
কোনোবাই দিয়ে দলি মাৰি।
তাকে লয়;
সেয়েই উপায় তাৰ প্ৰাণ-ধাৰণৰ।
কেতিয়াবা দেখা পায় ধনীৰ ঘৰত
ধনীৰ কুকুৰটোক যোগোৱা আহাৰ,—