পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভিক্ষুক

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

কোনেও তাে নিদিলে বুজাই !
বেমাৰে ল’লেহি বাহ,
শকতি হেৰাল ;
মালিকেও দিলে উলিয়াই।
তেতিয়াৰে পৰা তাৰ
ঘৰ-বাৰী নাই ,
থাকে পৰি গছৰ তলত।
লাখুটিত ভৰ কৰি
মাগি ফুৰে
দুৱাৰে দুৱাৰে
দুৰ্ব্বহ জীৱনটোক ৰাখিবৰ বাবে।
যেনে তেনে
থাকিব তাে লাগিব জীয়াই!
কোনােৱে কেটেৰা মাৰি দিয়ে দূৰ কৰি,
কোনােবাই দিয়ে।
এমুঠি চাউল,
এটি পইচা
কোনােবাই দিয়ে দলি মাৰি।
তাকে লয় ;
সেয়েই উপায় তাৰ প্রাণ-ধাৰণৰ।
কেতিয়াবা দেখা পায় ধনীৰ ঘৰত
ধনীৰ কুকুৰটোক যােগােৱা আহাৰ,—