সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বেছি আশা

কেলৈ নুমাল ঐ দীপ?
বতাহ লাগে বুলি
আঁচল দি ঢাকিলোঁ
সেয়েহে নুমাল ঐ দীপ!

কেলৈ সৰিল ঐ ফুল?
কোমল গোলাপ পাহি
বুকুত সুমাই ললোঁ,
সেয়েহে সৰিল ঐ ফুল!

কেলৈ ছিগিল ঐ তাঁৰ?
মৌ মাতৰ আশাত
বেছিকৈ টানিলো,
সেয়েহে ছিগিল ঐ তাঁৰ!

৪৯