এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিননি
তুমিও নেথাকা নাহি আহাঁ মোৰ দেৱ-দূত
থাকাঁ মোৰ নিচেই কাষতে;
পপীয়া চকুৰে মই দেখিও নেদেখা হওঁ
চকু মুদি দেখোঁ হৃদয়তে।
অলপ আয়ুস লৈ দুদিনলৈ আহিছিলা
দুদিনতে যি আনন্দ দিলা;
ইজন্মত নেপাহৰোঁ ভগা হৃদয়তে মোৰ
মোহন মূৰতি আঁকি গ’লা।
তোমালোক কেউটিকে লৈ গ’ল যি জনাই
তেওঁ কিয় নাহে সতকাই?
আহিব নিবহি বুলি দুৱাৰ মুকলি কৰি
বাহু মেলি আছোঁ বাট চাই॥
৪৮