সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেহলাও দীপ

আছানে আনন্দ মনে  অভাগীৰ দেহলাও
 ‘আইতা’ ‘দিতা’ ‘পী’ৰ কোলাত?
হাঁহানে অমিয়া হাঁহি  মাণিক কেইটি উলিয়াই
 হাঁহিছিলা যি দৰে ধৰাত?
লতা কৰবীৰ ফুল  ইয়াত যেনেকে আনি
 মাৰাৰ খোপাত গুজি দিয়া,
আনানে বুটলি ধন  নন্দনৰ পাৰিজাত
 মাৰাক পিন্ধাই ৰং চোৱা?
‘থৰপত দে’ বুলি  মৰমৰ পেহীদেউৰ
 পাছে পাছে ফুৰানে লৱৰি?
‘টিপু ছুলতান’ বুলি  বুকুত সাৱটি ধৰি
 অমৃত দিয়েনে পাত্ৰ ভৰি?
মোৰ সৰ্ব্বস্ব ধন  মৰমৰ ‘দিতা’ তোৰ
 নিতৌ ন কাপোৰ পিন্ধাই,
মৰমেৰে চাই থাকি  অভাগীৰ কাষলৈ
 যোৱা বুলি দিয়েনে পঠাই?

৪৭