সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সতী

কালি মোৰ ৰূপহীয়ে  বিদায় লৈ আহিছিলে
 সাজে পাৰে হৈ বিভূষিতা;
আজি মোৰ ৰূপহীক  দিছাং পাৰত দেখোঁ
 ধূলিত পৰি আছে স্বৰ্ণলতা।
উঠা আই কথা কোৱাঁ  চকু দুটি মেলি চোৱাঁ,
 অভাগীৰ কি বিলৈ চোৱাঁ;
আগৰ দৰেই স্নেহে  হাতটি বুলুৱা দেহে
 তাপিত প্ৰাণক শীতলোৱাঁ।
কিয়নো নোকোৱা কথা,  মাতিলে নিদিয়া মাত
 কোনে সতীক লাঞ্ছনা কৰিলে?
সতীৰ পতিক নতু  কোনোৱে কৰিলে নিন্দা
 সিকাৰণে মৌন হৈ ৰ’লে!
প্ৰাণ মোৰ বৰ মইনা,  দেহলাও দীপ পোনা
 জীৱ ঐ নুমলী আই জনী;
সকলোকে লৈ তুমি  সৰগলে যাত্ৰা কৰা
 সেয়েহে নোলায় মুখে বাণী।
পাপিনী থাকিলোঁ পৰি  যোৱা তুমি স্বৰ্গপুৰী
 সতীত্বৰ সাৰ্থক লভিবা;
সতীত্ব পদুম পাহিৰ  সৌৰভ বিলাই আই
 সৰগতো গৌৰৱ বঢ়াবা।

৩৯