এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিননি
ঘৰৰ সকলোটিয়ে হেৰুৱাই জ্ঞান
কান্দে কোনে দেখাব পোহৰ?
প্ৰভুৰ নিয়ম মতে সময় হ’লত
গ’লা তুমি প্ৰভুৰ সন্তান,
মাৰ্জ্জনা খুজিবৰ মোক নিদিলা সময়,
তাতে অতি বিয়াকুল প্ৰাণ।
হঠাৎ শুনিলা জানো পথৰ মাজত
আতুৰ হৈ কৰিছে আহ্বান,
আতুৰক ৰখাটোৱে তোমাৰ স্বভাৱ
সিকাৰণে গলা মতিমান।
নতুবা শুনিলা বিশ্ব-মোহনৰ স্বৰ
মোহন বাঁহীত সুৰ ধৰি।
থাকিব নোৱাৰা হ’লা নাম ধৰি মাতে
মুহূৰ্ত্তে পালা অজান পুৰী।
মোহন বাঁহীৰ সুৰ ৰিণি ৰিণি আহি
অভাগীৰো কাণত পৰেহি;
তোমাক পাবলে’ আৰু বেছি পৰ নাই
অচিন পথ চিনাই নিবাহি।
ঘৰৰ ঠিকনা মই সমূলি নেজানো
মনে মোৰ কৰে যাওঁ যাওঁ।
ধ্ৰুব তৰা তুমি মোৰ য’ত জিলিকিছাঁ
সেই পথ চিনি যেন পাওঁ॥
৩১