সমললৈ যাওক

পৃষ্ঠা:বিননি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেৰোৱা ৰতন

সঁচাকে গলিনে মোৰ হৃদয় ৰতন,
ভাঙি থৈ হিয়া, মোক কৰি অচেতন?
তই মোৰ ধ্যান জ্ঞান, তই যে জীৱন!
মোক এৰি কলৈ গদি দুখুনীৰ ধন?
তোৰে মোৰে এৰা এৰি, উস্‌ প্ৰাণ যায়,
কেনেকে জীয়াই থাকোঁ কাৰ মুখ চাই?
বত্ৰিছ বছৰ তোৰ সুখ দুখৰ ঘৰ
এৰি জ্যোতি বঢ়ালিগৈ অমৰা পুৰৰ।
কত যতনেৰে এই সাজিছিলি ঘৰ,
মৰততে কৰিছিলি পুৰী সৰগৰ।
ধৈৰ্য্যৰ পুতিলি খুটা, মৰমৰ ধাৰ,
জ্ঞানৰ প্ৰদীপ জ্বলাই কৈলি জাতিষ্কাৰ!
অন্নপূৰ্ণা জ্ঞান কৰি অভাগী জননী,
গৃহলক্ষ্মী কৰি ললি আপোন গৃহিনী;
ভ্ৰাতৃৰ প্ৰেমত তই সাক্ষাৎ শ্ৰীৰাম,
ভগিনীৰ স্নেহতো সুভদ্ৰা বলোৰাম।
ৰবীন্দ্ৰ সাহিত্য পাৰিজাত সৰগৰ,
শাৰী শাৰী সজাই জ্যোতি বঢ়ালি ঘৰৰ।

২৮