এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিননি
ৰবি শশী তৰা সৌন্দৰ্য্যৰে ভৰা
আকাশ সাগৰ সমীৰণ,
কত ৰঙৰ চৰাই চালে চকু জুৰাই,
কত দিব্য উপবন।
বিশাল ধৰণী সৌন্দৰ্য্যৰ খনি
বিভূতিৰ অন্ত নাই,
ৰাক্ষসী প্ৰকৃতি প্ৰাণৰ পোনাটি
কিয় কাঢ়ি নিলি হায়।
হৰি নি মাণিকটি ৰাক্ষসী প্ৰকৃতি
সৌন্দৰ্য্য কিনো বঢ়ালি,
দুখুনী জননীৰ নয়নৰ মণি
কাঢ়ি নি অন্ধ কৰিলি।
২৭